Local, Vocal, Global

অসম গৌৰৱ নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক বিশেষ সন্মান প্ৰদান

নিউজ ডেস্ক,১ মে:- অসম গৌৰৱ নৃত্যৰত্ন তথা বজালীৰ সন্তান ৰামকৃষ্ণ তালুকদাৰক ‘বজালী ৰত্ন’ উপাধি প্ৰদান কৰা হয়।

বজালীৰ সন্তান, নৃত্যৰত্ন, সংগীত নাটক একাডেমী বটাৰে বিভূষিত ৰামকৃষ্ণ তালুকদাৰক ‘বজালী ৰত্ন’ উপাধিৰে বিভূষিত কৰা হয়।

বজালীৰ ৰতনপুৰ গাও ৰক্ষী বাহিনীয়ে দুদিনীয়াকৈ আয়োজন কৰা ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মহূৰ্তত নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক ৰতনপুৰ গাওৰক্ষী বাহিনী ৰঙালী বিহু উদযাপন সমিতিৰ হৈ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী ৰনজিত কুমাৰ দাসে উপস্থিত থাকে।

অসম গৌৰৱ নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰক এই বিশেষ বটা প্ৰদান কৰে জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা, অসমীয়া প্ৰতিদিনৰ প্ৰকাশক যতীন চৌধুৰীয়ে লগতে গামোচা, জাপি, উপাধি পত্ৰ, চেলেং চাদৰ প্ৰদান কৰে।

আনহাতে, নৃত্য গীতেৰে মুখৰিত হৈ পৰে ৰতনপূৰ বিহু মঞ্চ।