Local, Vocal, Global

পাকিস্তানী বক্সাৰক আঘাত কৰি প্ৰথম ৰাউণ্ডত জয়লাভ শিৱ থাপাৰ

নিউজ ডেস্ক, ২৯ জুলাই : কালিৰে পৰা Birminghamত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ২০২২। আজি অনুষ্ঠিত হোৱা বক্সিং খেলত টীম ইণ্ডিয়াৰ সফলতাৰ আৰম্ভণি কমনৱেলথ গেমছ ২০২২ ত পুৰুষৰ বক্সিং ৬৩.৫ কিলোগ্ৰাম শাখাৰ ৰাউণ্ড ৩২ ত পাকিস্তানী যুঁজাৰু চুলেমান বালোচৰ বিৰুদ্ধে শিৱ থাপা জয়ী হৈছিল।

শিৱ থাপাই পাকিস্তানী বক্সাৰক আঘাত কৰি প্ৰথম ৰাউণ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

বক্সাৰ শিৱ থাপাই CWG ২০২২ ত পাকিস্তানী প্ৰতিদ্বন্দী চুলাইমানক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল।

ক্ৰীড়া সমাৰোহত ৭২ খন দেশৰ ৫,০০০ ৰো অধিক খেলুৱৈয়ে পোডিয়াম ফিনিছৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। আনহাতে অনুষ্ঠানটো ৮ আগষ্টলৈকে অনুষ্ঠিত হ’ব।

১১১ জন পুৰুষ খেলুৱৈ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈঅন্তৰ্ভুক্ত ২১৫ জনীয়া ভাৰতীয় দলটোৱে বাৰ্মিংহামৰ ১৫ খন ক্ৰীড়াত অংশগ্ৰহণ কৰিব।