Local, Vocal, Global

ধপাত জাত সামগ্ৰীবোৰে ১ ডিচেম্বৰৰ পৰা এক নতুন ছবি আৰু সতৰ্কবাণী বাৰ্তা বহন কৰিব

নিউজ ডেস্ক, ২৯ জুলাই : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে জনায় যে ধপাত জাত সামগ্ৰীবোৰে ১ ডিচেম্বৰ, ২০২২ তাৰিখৰ পৰা এক নতুন ছবি আৰু সতৰ্কবাণী বাৰ্তা বহন কৰিব।

প্ৰতিবেদন অনুসৰি, ‘ধপাতৰ ফলত বেদনাদায়ক মৃত্যু হয়'( ‘Tobacco causes painful death’ ) বাৰ্তাটো ১ ডিচেম্বৰৰ পিছত নিৰ্মাণ, আমদানি বা পেকেট কৰা ধপাত সামগ্ৰীৰ ওপৰত চপা হ’ব। পেকটবোৰে এটা নতুন ছবিও বহন কৰিব যিটো এবছৰৰ বাবে বৈধ হ’ব।

ইয়াৰ উপৰিও, মন্ত্ৰালয়ৰ মতে ছবিখনত এক পাঠ্য স্বাস্থ্য সতৰ্কবাণী থাকিব। সতৰ্কবাণীত লিখা থাকিব, “ধপাত ব্যৱহাৰকাৰীসকল কম বয়সত মৃত্যুবৰণ কৰে” (Tobacco users die younger)।

মন্ত্ৰালয়ে চিগাৰেট আৰু অন্যান্য ধপাত সামগ্ৰী (পেকেজিং আৰু লেবেলিং) নিয়ম, ২০০৮, ২১ জুলাই, ২০২২ তাৰিখৰ সংশোধনীৰ জৰিয়তে নতুন স্বাস্থ্য সতৰ্কবাণী জাননী দিছিল।

সংশোধনীটো ১ ডিচেম্বৰ, ২০২২-ৰ পৰা প্ৰযোজ্য হ’ব।