Local, Vocal, Global

দুৰ্নীতি বিৰোধী কোষৰ বৃহৎ সাফল্য

নিউজ ডেস্ক, ২৯ জুলাই : দুৰ্নীতি বিৰোধী কোষৰ দ্বাৰা এদিনত গ্ৰেপ্তাৰ হৈছে দ্বিতীয় চৰকাৰী কৰ্মচাৰী।

শুক্ৰবাৰে অসমৰ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী কোষৰ (Vigilance and Anti-Corruption cell ) বিষয়াসকলে ৰাজ্যিক শিক্ষা বিভাগৰ আন এজন কৰ্মচাৰীক উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোকজনক অসমৰ ডিব্ৰুগড় জিলাৰ খোৱাং বিভাগৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কৰ্মচাৰী নবজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।

ইয়াৰ পূৰ্বে আজি মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষকগৰাকীক দুৰ্নীতি বিৰোধী কোষ আৰু স্থানীয় আৰক্ষীয়ে ২০,০০০ টকাৰ উৎকোচ লোৱাৰ সময়ত ৰঙাহাতে ধৰা পেলাইছিল। অভিযোগ অনুসৰি বৰষা বৰা বৰদলৈ নামৰ অভিযুক্তজনে এখন মুকলি দোকানৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ পৰিৱৰ্তে অভিযোগকাৰীৰ পৰা ১ লাখ টকা দাবী কৰিছিল।