Local, Vocal, Global

নগাওঁৰ ৰাজ পথত আবিৰ্ভাব শিব-পাৰ্বতীৰ

নিউজ ডেক্স, ৯ জুলাই : নগাঁৱৰ ৰাজপথত হঠাতেই আবিৰ্ভাব শিব-পাৰ্বতীৰ। পিছে এইবাৰ মহাদেব আৰু পাৰ্বতীৰ বাহন হৈছে ৰয়েল এনফিল্ড।

নগাওঁৰ ৰাজপথত শিব-পাৰ্বতীৰ তাণ্ডব। পুৱাৰ ভাগত নগাওঁৰ ৰাজপথত শিব-পাৰ্বতীৰ খণ্ড যুদ্ধই আমোদ দিছে পথচাৰী সকলক।

পিছে এই মহাযুদ্ধৰ কাৰণ হৈছে মূল্য বৃদ্ধি। হঠাৎ বাইকৰ পেট্ৰ’ল শেষ হোৱাত নগাঁৱৰ ৰাজপথত মহাদেৱৰ ৰূদ্ৰ ৰূপ। মূল্যবৃদ্ধিক লৈ খণ্ডযুদ্ধ শিৱ-পাৰ্বতীৰ।

মহাদেবৰ মন্তব্য মোদীক হেনো পঠিয়াইছিল মূল্য বৃদ্ধিৰ ৰোধৰ বাবে কিন্ত মোদী হেনো মূল্য বৃদ্ধি ৰোধৰ নামত দি আছে ফাকী সেয়ে দুখীয়া মানুহৰ কথা চিন্তা কৰি স্বৰ্গৰ পৰা নামি আহিব লগা হৈছে শিব-পাৰ্বতীৰ।

পিছে শিব- পাৰ্বতীৰ এই খণ্ড যুদ্ধ হৈছে এটা নাটকৰ অংশ হে জনসাধাৰণক মূল্য বৃদ্ধি ৰোধৰ আৰু নিবনুৱা সমস্যাৰ বাবে সজাগ কৰিবলৈ এই দৰে শিব-পাৰ্বতীৰ বেশত উলাই আহিছে এই দুই যুবক যুবতী।