Local, Vocal, Global

মেঘালয়ত নিষিদ্ধ হ’ল Rapido

নিউজ ডেস্ক, ৯ জুলাই : মহানগৰত সততে ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ Rapido বা Uber দৰে যাত্ৰী কঢ়িয়াই নিয়াৰ উদ্দেশ্যে চলাচল কৰা আন দুচকীয়া বাহন মেঘালয়ত চলাচল কৰা নিষিদ্ধ কৰিছে পূব খাচী পাহাৰ জিলাৰ জিলা পৰিবহণ বিষয়াই ।

 East Khasi Hills জিলাৰ জিলা পৰিবহণ বিষয়াই (DTO) অনলাইন আৰু অফলাইন দুয়ো ধৰণে টেক্সি সেৱা হিচাপে কাম কৰা দুচকীয়া বাহন চলাচল নিষিদ্ধ কৰিছে।

আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ ব’ৰ্ডৰ কাৰ্যালয়ে জাৰি কৰা জাননীখনত লিখা আছিল, “মটৰ বাহন আইনৰ ধাৰা ৬৬ ৰ উপ ধাৰা (১) অনুসৰি, ১৯৮৮ অনলাইন বা অফলাইন পদ্ধতি ৰ সুবিধা গ্ৰহণ কৰা টেক্সি সেৱা হিচাপে কাম কৰা দুচকীয়া বাহন যেনে, ৰেপিডো, উবেৰ আদি, যাত্ৰী কঢ়িয়াই নিয়াৰ উদ্দেশ্যে চলাচল কৰাটো নিষিদ্ধ।”

জাননীখনত আৰু উল্লেখ কৰিছিল যে , “উক্ত আইনৰ উলংঘনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব”।