Local, Vocal, Global

নলবাৰীত পাঁচ দিন ধৰি নিৰুদ্দেশ এগৰাকী যুৱতী

নিউজ ডেক্স, ৯ জুলাই : নলবাৰী চহৰৰ ASEB ৰ সন্মুখত বাস কৰা প্ৰয়াত গোবিন্দ দাস আৰু দুলু দাসৰ জীয়ৰী চুমী দাস যোৱা ৪ জুলাই ৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে।

পৰিয়ালৰ লোকে জনোৱা মতে ২৪ বছৰীয়া চুমী দাস মাক অথবা ঘৰৰ অন্যান্য সদস্যৰ অবিহনে কেতিয়াও দূৰলৈ নাযায়। তেনে স্থলত যুৱতী গৰাকী পাঁচ দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালৰ উপৰিও ওচৰ চুবুৰীয়া লোক সকল শংকিত হৈ পৰিছে।

আনহাতে যুৱতী গৰাকীৰ মাতৃয়ে জনোৱা মতে যুৱতী গৰাকী সন্ধানহীন হোৱা সময়ত মটীয়া ৰঙৰ কুৰ্তা আৰু ৰঙা ৰঙৰ পেন্ট পিন্ধি আছিল।

উল্লেখ্য যে যুৱতী গৰাকী সন্ধানহীন হোৱাৰ সন্দৰ্ভত ৫ জুলাইত নলবাৰী সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

কিন্তু, বৰ্তমান সময়লৈকে যুৱতী গৰাকীৰ কোনো সন্ধান ওলোৱা নাই। সেয়েহে কোনো সদাশয় লোকে যুৱতী গৰাকীৰ সন্ধান পালে ৮৪৭৩০৫৭৪৩৯ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ।