শিৱ সেনাৰ বিদ্ৰোহী বিধায়কৰ কামাখ্যা মন্দিৰ দৰ্শন

নিউজ ডেস্ক, ২৯ জুন : একনাথ চিন্দেৰ নেতৃত্বত গুৱাহাটীৰ Radisson Blu ত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলৰ শিবিৰে বুধবাৰে কামাখ্যা ধাম ভ্ৰমণ কৰে।
গুৱাহাটীত বাহৰ পাতি থকা শিন্দে শিবিৰৰ বিদ্ৰোহী বিধায়কসকল আজি মহাৰাষ্ট্ৰলৈ উভতি যোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে বিধায়কসকলে কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যাত্ৰা কৰিছে।
খবৰ অনুসৰি, এখন chartered বিমান যোগে শিন্দেৰ নেতৃত্বত গুৱাহাটীত বাহৰ পাতি থকা বিদ্ৰোহী বিধায়কসকল আজি মহাৰাষ্ট্ৰলৈ উভতি যাব। সম্ভৱত তেওঁলোকে গোৱা ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।
আনহাতে, AS01NC3362 আৰু AS01NC3361 নম্বৰৰ পঞ্জীয়ন থকা দুখন চাৰ্টাৰ্ড বাছৰ জৰিয়তে তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছিল।
উল্লেখযোগ্য যে, শিন্দেৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ (BJP) বিধায়ক সুশান্ত বৰগোহাঁই তথা কেইবাজনো বিষয়া আৰু মন্ত্ৰী মন্দিৰলৈ গৈছিল।
তদুপৰি, বিমানখন সন্ধিয়া প্ৰায় ৪ বজাত গুৱাহাটীৰ পৰা গোৱালৈ ৰাওনা হ’ব। ইয়াৰ ফলস্বৰূপে গুৱাহাটী প্ৰশাসনে বিমানবন্দৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।
খবৰ অনুসৰি, তাজ হোটেলৰ প্ৰায় ৭১ টা কোঠা গোৱাত উপস্থিত হোৱাৰ আগতে শিন্দে নেতৃত্বাধীন গোটটোৰ বাবে সংৰক্ষিত কৰা হৈছে।