Local, Vocal, Global

শ্বিলংসহ পূব খাছি পাৰ্বত্য জিলাত আজিৰে পৰা পাঁচদিনীয়া লকডাউন ঘোষণা

শ্বিলংসহ পূব খাছি পাৰ্বত্য জিলাত আজিৰে পৰা পাঁচদিনীয়া লকডাউন ঘোষণা । মহামাৰী ক’ভিডৰ সংক্ৰমণৰ দৈনিক বৃদ্ধিয়ে মেঘালয়ত শেহতীয়াকৈ ৰাজ্যত উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকিৰে আজি নিশাৰ পৰা শ্বিলঙকে ধৰি পূব খাছি পাৰ্বত্য জিলাত মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই পাঁচদিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়াৰ কথা ঘোষণা কৰে । লগতে তেওঁ ৰাজ্যৰ আন জিলাসমূহতো সাপ্তাহিক লকডাউন দিয়াৰ কথা জানিবলৈ দিয়ে । বৰ্তমান মেঘালয়ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,০১৯ । ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩৩৯ আৰু সুস্থ হৈছে ২০৪ জন । ইপিনে ৰাজ্যখনত কোৰোনাত মুঠ ১৮৫ গৰাকীৰ মৃত্যু হোৱাৰ লগতে এতিয়ালৈ মুঠ ২৫,৮১০ গৰাকী কৰোনাত সুস্থ হৈ উঠিছে।