Local, Vocal, Global

বিবাহৰ দিনাই হঠাৎ মণ্ডপৰ পৰা পলায়ন কইনাৰ দৰাক ৰভাথলীতে এৰি লৰ দিলে কইনাই

বিবাহৰ দিনাই হঠাৎ মণ্ডপৰ পৰা পলায়ন কইনাৰ দৰাক ৰভাথলীতে এৰি লৰ দিলে কইনাই ।

আপুনি চাগে ভাবিছে, কোনো প্ৰেমজনিত কাৰণত নতুবা বিবাহৰ প্ৰতি অনিচ্ছাৰ বাবেই এনে কাণ্ড, কিন্তু প্ৰকৃততে এনে নহয়, ঘটনাটি উত্তৰ প্ৰদেশৰ ৰামপুৰৰ মহম্মদপুৰ জাদিদ গাঁৱৰ নিবাসী পুনম শৰ্মাৰ। ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশত সদ্যসমাপ্ত হোৱা পঞ্চায়তৰ নিৰ্বাচনত পুনমে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু নিৰ্বাচনত তেওঁ জয়ী হয় । নিজৰ বিবাহৰ দিনা বিবাহ মণ্ডপত ব্যস্ত থকাৰ সময়তে এই খবৰ লাভ কৰাত কইনাৰ বেশতে পুনমে স্থানীয় ভোটগণনা কেন্দ্ৰলৈ দৌৰ মাৰে আৰু নিৰ্বাচন বিষয়াৰ পৰা নিজৰ জয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰে।