Local, Vocal, Global

মুখত সোপা লাগিল শ্বেৰমান আলীৰ !

মিঞা মিউজিয়ামৰ বিৰ্তকক লৈ অস্বস্তিত কংগ্ৰেছ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱেৰে পত্ৰ প্ৰেৰণ কৰা আৰু বিধানসভা সমিতিয়ে এই প্ৰস্তাৱত সন্মতি জনোৱা বুলি প্ৰত্যাহ্বান জনোৱা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী কিছুদিন ধৰি চৰ্চা আৰু বিতৰ্কৰ শীৰ্ষত ।এক কথাত মিঞা মিউজিয়ামে তোলপাৰ লগাইছে অসমৰ ৰাজনীতি ।কিন্ত  মিঞা মিউজিয়াম বিৰ্তকক লৈ চৰম অস্বতিত  কংগ্ৰেছ দল তথা নেতৃত্ব। শ্বেৰমান আলীলৈ ২৮অক্টোবৰ,২০২০ত এখন পত্ৰ প্ৰেৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এই পত্ৰত শ্বেৰমান আলীক মিঞা মিউজিয়ামৰ বিৰ্তক সন্দৰ্ভত কোনো বিৰ্তকিত মন্তব্য নিদিবলৈ সকীয়াই দিয়া হৈছিল।

 

২৬ অক্টোবৰত ৰিপুণ বৰাই এই বিষয়ৰ সন্দৰ্ভত কথা পাতিছিল শ্বেৰমান আলীৰ সৈতে।কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনক লৈ হোৱা বিতৰ্কৰ সুযোগ লৈ  কংগ্ৰেছ দলৰ বিৰুদ্ধে বিজেপিয়ে ষড়যন্ত্ৰ ৰচা বুলি উল্লেখ কৰি এই বিষয়ত কোনো মন্তব্য প্ৰকাশ নকৰিবলৈ বিধায়ক শ্বেৰমান আলীক সাৱধান কৰি দিছিল।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লিখা এই পত্ৰত লিখিত ভাৱে তেওঁক মিঞা মিউজিয়ামৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো  শ্বেৰমান আলীয়ে মনা নাই কংগ্ৰেছ নেতৃত্বৰ সেই নিৰ্দেশ।

শিক্ষা বিভাগৰ বাজেটত পুঁজি ধাৰ্যৰ বাবে ষ্টেণ্ডিং কমিটিৰ বৈঠকত এই মিঞা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছিল বুলি শ্বেৰমান আলীয়ে দাবী কৰিলেও, সেয়া আছিল চৰ-চাপৰিৰ লোকৰ বাবে এটা মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ।

২০২০ বৰ্ষৰ বাজেট অধিৱেশনৰ পূৰ্বেই অনুষ্ঠিত হোৱা এই ষ্টেণ্ডিং কমিটিৰ বৈঠকত কোন কোন বিধায়ক উপস্থিত আছিল, কিয় এই বিষয়টোৰ প্ৰতিবাদ কৰা নাছিল তাক লৈ প্ৰশ্ন উঠিছে। এই কমিটিত অধ্যক্ষ হিচাপে আছিল অগপ বিধায়ক উৎপল দত্ত।এই কমিটিখনত সদস্য হিচাপে থকা আনসকল হ’ল- বিজেপিৰ মানচিং ৰংপি, পদ্ম হাজৰিকা, উৎপল বৰা, বিনোদ হাজৰিকা আৰু ৰূপক শৰ্মা। কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰী, শ্বেৰমান আলী আহমেদ, দুৰ্গা ভূমিজ সদস্যৰূপে আছিল কমিটীত।

ইয়াৰোপৰি, এ আই ইউ ডি এফৰ অনন্ত কুমাৰ মাল’, চাহাব উদ্দিন আহমেদ আৰু বিপি এফৰ থানেশ্বৰ বসুমতাৰী, কমলী বসুমতাৰী এই ষ্ট্ৰেনডিং কমিটীৰ সদস্য আছিল।

কেৱল মিঞা মিউজিয়ামেই নহয় এই ষ্টেণ্ডিং কমিটীৰ বৈঠকত মাদ্ৰাছা প্ৰাদেশীকৰণৰো অনুমোদন দিয়া হৈছিল। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ধৰ্মীয় শিক্ষানুষ্ঠান বন্ধ কৰা হ’ব বুলি ঘোষণা কৰাৰ বিপৰীতে বিজেপি আৰু তেওঁলোকৰ মিত্ৰজোঁটকৰ ১০ সদস্য বিধানসভাৰ শিক্ষা বিভাগৰ ষ্টেণ্ডিং কমিটীৰ বৈঠকত লোৱা হৈছিল বিপৰীত সিদ্ধান্ত।

২০২১চনৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ বিজেপিৰ এক মেৰু বিভাজনৰ ৰাজনীতিৰ অংক হৈ পৰিছে সমগ্ৰ বিষয়টো। বিজেপিয়ে মিঞা মিউজিয়ামৰ দোহাই দি পুনৰ এবাৰ হিন্দুত্ববাদ তথা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক ৰাজনৈতিক ই্চ্ছ্যু থিয় কৰিব খুজিলেও কংগ্ৰেছ বা আন দলবোৰে এই প্ৰক্ৰিয়াৰ সৈতে বিজেপি চামিল থকা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছৰে বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে কংগ্ৰেছতে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ দৰে বিজেপি আৰু তেওঁলোকৰ মিত্ৰদলৰ উপস্থিতিত কেনেদৰে এইবোৰ বিষয় ষ্টেণ্ডিং কমিটীত গৃহীত হ’ল তাক লৈও প্ৰশ্ন উঠিছে।

বাঘবৰ সমষ্টিত এইবাৰ শ্বেৰমান আলীয়ে প্ৰাৰ্থীত্ব লাভ কৰা সম্ভাৱনা ক্ষীণ আছিল। সেয়েহে বিৰ্তকিত এই বিষয়ক লৈ শ্বেৰমান আলীয়ে যি মিঞা কাৰ্ড খেলিছিল, ইয়াৰ প্ৰতিক্ৰিয়া এনেদৰে হ’ব বুলি তেঁৱো ভৱা নাছিল। বিজেপিয়েও সেই সুযোগ লব খুজিও যিখন ষ্টেণ্ডিং কমিটীৰ দোহাই দি শ্বেৰমান আলীয়ে এই প্ৰস্তাৱ ৰাজহুৱা কৰিছিল, তাক লৈ এতিয়া অস্বতিত শাসকীয় পক্ষও।

কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ এই অপ্ৰাসংগিক বিষয়ে এতিয়া প্ৰাসংগিকতা লাভ কৰিছে সৰ্বত্ৰে।মিঞা মিউজিয়ামৰ বিষয়ক লৈ যিমানেই চৰ্চা হৈছে, সিমানেই ভিন্ন প্ৰতিক্ৰিয়াই সমাজত এক নেতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

ৰাজনীতিৰ এই খেলবোৰত শ্বেৰমান আলী, বিজেপি-কংগ্ৰেছ আদিৰ লাভ বা লোকচান হব। কিন্তু সামগ্ৰিকভাৱে ইয়াৰ প্ৰভাৱ পৰিব অসমীয়া জাতিৰ ওপৰত। কিন্তু জাতি গঠনৰ প্ৰক্ৰিয়াত সকলো চামিল হোৱাৰ সময়ত ব্যক্তি স্বাৰ্থপূৰণৰ বাবে উত্থাপন কৰা এই বিষয়সমূহে অসমীয়া জাতিৰ ওপৰত যে অতি বেয়া প্ৰভাৱ পেলাব, সেই কথা সকলোৱেই বুজা উচিত।