Local, Vocal, Global

আজি দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা চাৰ্জিল ইমামক

  • আজি চাৰ্জিল ইমামক লৈ যোৱা হ’ব দিল্লীলৈ
  • শুকুৰবাৰে সন্ধিয়া দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছে আৰক্ষীৰ এটা দল
  • আজি সন্ধিয়া দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা চাৰ্জিলক
  • দিল্লীৰ শ্বাহীনবাগত উত্তৰ-পূৱক দ্বিখণ্ডিত কৰাৰ মন্তব্য কৰিছিল চাৰ্জিল ইমামে
  • চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল চাৰ্জিলক
  • প্ৰথমে দিল্লী আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল চাৰ্জিলক
  • ২০ ফেব্ৰুৱাৰীত অসম আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল চাৰ্জিল ইমামক
  • এমাহৰ পূৰ্বে চাৰ্জিলে গুৱাহাটীৰ গোচৰত জামিন লাভ কৰিছিল যদিও জামিনদাৰৰ অভাৱত এতিয়াও আছে কাৰাগাৰত
  • চাৰ্জিলৰ ভইচ চেম্পল পৰীক্ষাৰ প্ৰতিবেদন এতিয়াও পোৱা নাই আৰক্ষীয়ে
  • ফৰেনচিক প্ৰতিবেদনৰ অভাৱত অভিযোগনামাও দাখিল কৰা নাই আৰক্ষীয়ে