Local, Vocal, Global

Death Threat To Sharad Pawar : এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক মৃত্যুৰ ভাবুকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ পুনেৰ এজন লোক

নেশ্যনেল ডেস্ক,১২ জুন : জাতীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত সোমবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক ( NCP Sharad Pawar)। অভিযুক্ত সাগৰ বৰভে এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ ডাটা ফিডিং আৰু এনালাইটিক্স ছেকচনত কাম কৰি আছে বুলি জানিব পৰা গৈছে ।

এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰক হত্যাৰ ভাবুকি দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ পুনেৰ এজন লোক(Sharad Pawar Death Threat) । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জাতীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী শাৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা এজনক গ্ৰেপ্তাৰ । মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা ৩৪ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰে । পুনেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক । ধৃত লোকজন সাগৰ বাৰ্ভে বুলি চিনাক্ত হৈছে যি এটা আইটি ফাৰ্মৰ কৰ্মচাৰী ।

আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত সাগৰ বাৰ্ভেক আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁক ১৩ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । লোকজনক পুনৰ মঙলবাৰে আদালতত হাজিৰ কৰোৱা হ’ব । আৰক্ষী সূত্ৰৰ মতে তেওঁলোকে গোচৰটোৰ অধিক তদন্তৰ বাবে লোকজনক পুনৰ জিম্মাত বিচাৰিব ।

আৰক্ষীয়ে কয় যে প্ৰযুক্তিবিদ্যাত পাকৈত লোকজনে শাৰদ পাৱাৰলৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰাৰ বাবে দুটা ভুৱা সামাজিক মাধ্যমৰ একাউণ্ট খুলি লৈছিল । মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত টুইট কৰিছে ।

উল্লেখ্য যে ৯ মে’ত, শাৰদ পাৱাৰৰ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলেয়ে প্ৰকাশ কৰিছিল যে তেওঁ এটা ভাবুকিপূৰ্ণ মেছেজ পাইছিল । মেছেজৰ জৰিয়তে লোকজনে শাৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল । সুপ্ৰিয়া চুলেয়ে কু-ৰাজনীতি বুলি অভিহিত কৰিছিল । ঘটনাটোক গুৰুত্ব সহকাৰে ল’বলৈ প্ৰশাসনক সুপ্ৰিয়াই অনুৰোধ জনাইছিল । সুপ্ৰিয়া চুলেয়ে কৈছিল যে শাৰদ পাৱাৰক এটা ৱেবছাইটৰ জৰিয়তে ভাবুকি দিয়া হৈছিল । ন্যায়ৰ বাবে তেওঁ মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীকো আহ্বান জনাইছিল । সুপ্ৰিয়াই আনকি সতৰ্ক কৰি দিছিল যে ন্যায় নাপালে তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্যিক গৃহ বিভাগক দোষাৰোপ কৰিব ।

ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে আৰক্ষীক প্ৰাক্তন মুখ্যমন্ত্ৰী শাৰদ পাৱাৰৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছিল । উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে লগতে কৈছিল যে যদিও এনচিপিৰ সৈতে আদৰ্শগত মতভেদ আছে, এগৰাকী বিশিষ্ট বিৰোধী নেতাক ভাবুকি প্ৰদান কৰাটো সহ্য কৰা নহ’ব ।

লগতে পঢ়ক : Biparjoy Cyclone : ঘূৰ্ণীবতাহ বিপাৰজয়ৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে বৈঠক অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোদীৰ