উছাহবিহীন ব্যতিক্ৰমী এইবাৰৰ ভাদ মাহ
আজি পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিন। অসমীয়া সমাজ জীৱনত পৱিত্ৰ মাহৰ গুৰুত্ব অপৰিসীম। পৱিত্ৰ ভাদ মাহত ৰাজ্যৰ সকলো সত্ৰ-নামঘৰ মুখৰিত হৈ পৰে হৰিনামৰ ধ্বনিৰে। মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ থাকে চৌপাশ। বিগত সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহত মুখৰিত হৈ পৰে হৰিনামৰ ধ্বনি। কিন্তু ব্যতিক্ৰম এইবাৰৰ ভাদ মাহ। যুগৰ পৰা যুগ ধৰি চলি অহা এই পৰম্পৰাত এইবাৰ আঘাত হানিলে মহামাৰী ক’ভিড – ১৯ য়ে।
বিগত বৰ্ষৰসমূহৰ দৰে এইবাৰ নাই উছাহ-উদ্দীপনা। সত্ৰ-নামঘৰসমূহত প্ৰশাসনে নিৰ্দ্ধাৰণ কৰিছে কেতবোৰ ক’ভিড নীতি-নিয়ম। প্ৰশাসনৰ নিয়ম অনুসৰি সত্ৰ-নামঘৰত ৫০গৰাকীতকৈ অধিক মানুহ গোট হ’ব নোৱাৰিব। বিভিন্ন সত্ৰ-নামঘৰত অনুষ্ঠিত নহয় প্ৰসংগ। আকৌ বিভিন্ন সত্ৰ-নামঘৰত ক’ভিড নিয়ম মানি সামাজিক দূৰত্ব অৱলম্বন কৰি অনুষ্ঠিত হৈছে নিত প্ৰসংগ।একপ্ৰকাৰ কাল কৰ’নাই ব্যাঘাত হানিলে অসমৰ ঐতিহাসিক পৰম্পৰাত।
উজনি মাজুলীৰ ঐতিহ্যমণ্ডিত পানীখাটি শিলগুৰি থানতো মাহযোৰা নাম উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাইজৰ। ঐতিহাসিক শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰকে ধৰি বহু সত্ৰ-নামঘৰত চলিছে অনুষ্টুপীয়াকৈ আয়োজন ভাদমহীয়া নামৰ।