Local, Vocal, Global

অৱসান ঘটিল বন্দীত্বৰ জীৱন, মুকলি আকাশৰ তলত জীৱশ্ৰেষ্ঠ

ইতিহাস হোৱাৰ দিশে লকডাউন, আৰম্ভ হ’ল মহামাৰী কৰ’নাৰ সৈতে সহবাস!

একপ্ৰকাৰ অৱসান ঘটিল বন্দীত্বৰ জীৱন। মুকলি আকাশৰ তলত আকৌ মুকলি প্ৰাণী হৈ জীৱন-যাপন আৰম্ভ কৰিলে অসমৰ জনতাই।

আকৌ আৰম্ভ হ’ল এক প্ৰকাৰৰ স্বাভাৱিক জীৱন-যাপন। সোমবাৰে পুৱা ৬ বজাৰ পৰাই নিশা ৯ বজালৈ চলিল স্বাভাৱিক জনজীৱন। চলিল চিটীবাছ, খোলা থাকিল দোকান-পোহাৰ। আৰম্ভ হ’ল লকডাউনৰ সময়ছোৱাত সম্পূৰ্ণ বন্ধ হৈ পৰা বেপাৰ-বাণিজ্যও। নিশা ৯ বজালৈ মহানগৰীত চলাচল জনতাৰ। ৫০% যাত্ৰীৰে ক’ভিড নিয়ম মানি আৰম্ভ হ’ল চিটীবাছ সেৱা। মুকলি আকাশৰ আকাশত ক’ভিড প্ৰ’ট্ৰকল মানি আৰম্ভ কৰিলে স্বাভাৱিক জীৱন।