Local, Vocal, Global

ছহিদ প্ৰণৱ বড়োক বীৰোচিত মৰ্য্যদাৰে স্মৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গুৱাহাটী, ২৪ ফ্ৰেব্ৰুৱাৰীঃ আজি গুৱাহাটীৰ ভূমিস্বত্ব আন্দোলনত ছহিদীবৰণ কৰা বীৰ ছহিদ প্ৰণৱ বড়োক বীৰোচিত মৰ্যাদা দি স্মৰণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনে গুৱাহাটীৰ পাহাৰ, তথাকথিত বনাঞ্চল, জলাশয়ৰ পাৰ, গ্ৰাণ্ট আদিত বসবাস কৰা থলুৱা নাগৰিকক মাটিৰ অধিকাৰ প্ৰদানৰ নামত কৰি অহা দীৰ্ঘদিনীয়া প্ৰৱঞ্চনা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত গুৱাহাটীৰ চচলস্থিত চৰকাৰী ধৰ্ণাস্থলীত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় ছহিদ স্মৰণ অনুষ্ঠান।পুৱা ১০.৩০ বজাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি দেৱেন শৰ্মাই। ইয়াৰ পাছতে জাতীয় বীৰ ছহিদ প্ৰণৱ বড়োৰ পত্নী পূৰ্ণিমা বড়ো আৰু কৃষক সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মুকুট ডেকাই ছহিদ তৰ্পন অনুষ্ঠান মুকলি কৰে। 
       এই অনুষ্ঠানত কৃষক মুক্তিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সম্পাদককে ধৰি উপস্থিত ৰাইজে ভাগ লয়। ছহিদ স্মৰণৰ এই আনুষ্ঠিকতাৰ পাছতেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে।” গুৱাহাটীবাসীক মাটি দিবই লাগিব”, “গুপ্তা, বাজাজ, বেৰিয়াক নহয় থলুৱা খিলঞ্জীয়াক মাটি দিয়া বন্ধ কৰক”, “বীৰ ছহিদ প্ৰণৱ বড়ো অমৰ হওক” আদি শ্লোগানেৰে উত্তাল হৈ পৰে চচলস্থিত ধৰ্ণাস্থলী।
         সমবেত জনতাক উদ্দেশ্যি সংগঠনটোৰ সভাপতি দেৱেন শৰ্মাই ভাষণত কয় যে, ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ পাছতো আজিলৈকে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনে গুৱাহাটীৰ থলুৱা নাগৰিকক মাটিৰ অধিকাৰ প্ৰদান নকৰিলে। ২০২১ চনৰ ২২ জুনত চাৰিজনকৈ কৃষক মুক্তিৰ সদস্যই ছহিদীবৰণ কৰাৰ পিছত ডাঃ ভূমিধৰ বৰ্মনৰ অধ্যক্ষতাত এখন সমিতি গঠণ কৰা হৈছিল। এই সমিতিখনেও গুৱাহাটীৰ থলুৱা নাগৰিকক মাটি দিয়াৰ কাৰণে কোনো কাৰ্যকৰী ব্যৱস্থা নকৰিলে।
        শেষত সংগঠনটোৰ বিষয়ববীয়াসকলে অসম চৰকাৰৰ নতুন ভূমিনীতিত গুৱাহাটীৰ পাহাৰ, বনাঞ্চল, জলাশয়ৰ পাৰ, গ্ৰাণ্ট আদিত দীৰ্ঘদিনৰ পৰা বসবাস কৰা লোকসকলক অতি শীঘ্ৰে ভূমিপট্টা প্ৰদান কৰাৰ দাবীত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।