নগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰ অভিযান তুঙ্গত

নিউজ ডেস্ক, ২৪ ফ্ৰেব্ৰুৱাৰীঃৰাজ্যখনৰ আন আন পৌৰসভাৰ লগতে নগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে । ২৬ টা মহলা যুক্ত নগাঁও পৌৰসভাৰ ৮ , ১০ আৰু ২৬ নং মহলাত বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদণ্ডিতাৰে জয়ী হৈছে । এতিয়া নগাঁও পৌৰসভাৰ ২৩ টা মহলাৰ নিৰ্বাচন অনুষ্ঠিত হব । আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিজেপি প্ৰাৰ্থীৰ হৈ কেবাখনো প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে। সভাত অংশ গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে, ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে, নগাঁও পৌৰসভা বিজেপি অগপৰ মিজোতে দখল কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে। নগাঁও পৌৰসভা নিৰ্বাচনত বিজেপি অগপৰ মাৰাথান প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছকে ধৰি বিৰোধীৰ প্ৰচাৰ অভিযানে বিশেষ গতি লাভ কৰা নাই।