Several Political Figures Join BJP Today : গেৰুৱা বসন পিন্ধিলে অংকিতা, বিস্মিতা,দীপাংক নাথ আৰু প্ৰকাশ দাসে
নিউজ ডেস্ক, ২৮ জানুৱাৰী : অন্ত পৰিল জল্পনা-কল্পনাৰ । গেৰুৱা বসন পিন্ধিলে অংকিতা, বিস্মিতা,দীপাংক নাথ আৰু প্ৰকাশ দাসে(Several Political Figures Join BJP Today)।
দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত কংগ্ৰেছ নেতাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো প্ৰাক্তন নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ।
এই যোগদান সমাৰোহত আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ লগতে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, কংগ্ৰেছৰ পৰা বহিস্কৃত নেত্ৰী অংকিতা দত্তৰ লগতে শতাধিকলোকে বিজেপিত যোগদান কৰে ।
লক্ষণীয় বিষয় যে কা আন্দোলনৰ সময়চোৱাত উদাত্ত প্ৰতিবাদী কণ্ঠ হৈ গৰজি উঠিছিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে । সেই আন্দোলনৰ অন্যতম প্ৰতিবাদী কণ্ঠস্বৰূপ নেতাগৰাকীয়েও এতিয়া যোগ দিলে ৰাষ্ট্ৰীয় দল বিজেপিত । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কা-ৰ বিৰোধিতা কৰা নেতাজনে বিজেপিত যোগদান কৰাৰ লগে লগে বিজেপিৰ নীতি-আদৰ্শ মানি কা-ৰ সমৰ্থন কৰাৰ গত্যন্তৰ নাই(Boost to BJP in Assam; Several Prominent Leaders Join Party) ।
জানিব পৰা মতে, আজি আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথৰ লগতে আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিত্তীয় সম্পাদক মিলন চন্দ্ৰ ৰায়, প্ৰাক্তন কার্যালয় সম্পাদক ফণী পাঠক, প্ৰাক্তন প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, প্ৰাক্তন কেন্দ্ৰীয় কার্যনিৰ্বাহক সদস্য গোপাল চন্দ্ৰ দাসে বিজেপিত যোগদান কৰে । অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পালেও যোগ দিলে ভাৰতীয় জনতা পাৰ্টিত।
বশিষ্ঠৰ বাজপেয়ী ভৱনত মন্ত্ৰী পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাকে ধৰি একাংশ বিজেপি নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান সভা।