Local, Vocal, Global

Manmohan Singh passes away:শনিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব

নিউজ ডেস্ক,২৭ডিচেম্বৰ : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান(Manmohan Singh’s Demise)। বৃহস্পতিবাৰে নিশা ৯:৫১ বজাত দেহাৱসান ঘটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ। দিল্লীৰ এইমছত শেষ নিশ্বাস কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক হেৰুৱাই আজি শোকস্তব্ধ সমগ্ৰ দেশবাসী ।

সমান্তৰালকৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে আন আন ভিন্ন ক্ষেত্ৰৰ লোকসকলেও প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ড০ সিঙৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। ই অতিকৈ বেদনাদায়কৰ লগতে কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰে বেণুগোপালে। আনহাতে ৰাহুল গান্ধীয়ে অভিভাৱক আৰু দিকদৰ্শক হেৰুওৱা বুলি মন্তব্য কৰে। ছোনিয়া গান্ধীয়েও কংগ্ৰেছ পৰিয়ালৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। ইয়াৰ উপৰি দলৰ আন আন নেতাসকলেও গভীৰ শোক প্ৰকাশ কৰে।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক ঘোষণা ৰাজহুৱা কৰিছে। চৰকাৰী ঘোষণা অনুসৰি ২৬ ডিচেম্বৰৰ পৰা ২০২৫ৰ ১ জানুৱাৰীলৈকে পালন কৰিব ৰাষ্ট্ৰীয় শোক দিৱস। লগতে এই কেইটা দিনত দেশত কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত নহয় বুলি স্পষ্টভাৱে উল্লেখ কৰে। পূৰ্বৰ নিৰ্ধাৰিত কাৰ্যসূচীসমূহো বাতিল কৰা বুলি ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে(Seven days of national mourning declared)।

শনিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অৱশ্যে ইয়াৰ আগেয়ে জনসাধাৰণৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে মতিলাল নেহৰু মাৰ্গত থকা বাসগৃহত নশ্বৰদেহ ৰখা হ’ব। ইয়াতেই সকলোৱে ড০ মনমোহন সিঙৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব।

লগতে পঢ়ক :Assam CM condoles death of ex-PM Dr. Manmohan Singh :প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত হিমন্ত বিশ্ব- সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ