Local, Vocal, Global

Massive fire engulfs factory in Maharashtra : মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড;দাওদাওকৈ জ্বলি উঠিল কেইবামহলীয়া অট্টালিকা

নেশ্যনেল ডেস্ক,১১জুন : মহাৰাষ্ট্ৰৰ থানেত বিধ্বংসী অগ্নিকাণ্ড ৷ MIDCৰ এটা কাৰখানাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ৷ অগ্নিকাণ্ডৰ ফলত দাওদাওকৈ জ্বলি উঠিল কেইবামহলীয়া অট্টালিকা ৷

সোমবাৰে পুৱতি নিশা প্ৰায় ৩মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা পিছতে বিএনএমচি, থানে আৰু কল্যাণ-ডম্বিভলীৰ অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও পুৱা প্ৰায় ৮.৩০ বজাত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়(Fire breaks out at factory in Saravali MIDC in Thane)।

ঘটনা সন্দৰ্ভত এজন নাগৰিক জনোৱা অনুসৰি, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও কাৰখানাটোৰ কেঁচামাল ধ্বংস হৈছে।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে(Massive fire engulfs factory in Maharashtra)।

লগতে পঢ়ক : Sensational Murder In Nagaon : চাহ বাগিছাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ