Local, Vocal, Global

Sensational Murder In Bokakhat: আজি পুনৰ প্ৰতিবাদত কঁপিল বোকাখাত আৰক্ষী থানা!

বোকাখাত, ১এপ্ৰিল : পুনৰ আজি উত্তাল প্ৰতিবাদ বোকাখাত আৰক্ষী থানাত। আঠটা দিন ওকলি যোৱাৰ পিছতো বোকাখাত-কাৰ্বিআংলং সীমান্তৰ কাকচাংত ২৪ মাৰ্চ দেওবাৰে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে বোকাখাত আৰক্ষীয়ে। দোষীক কৰায়ত্ব কৰিব নোৱাৰা আৰক্ষীৰ বিৰুদ্ধে আজি পুনৰ বোকাখাত আৰক্ষী থানাত শ শ কাৰ্বি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

উল্লেখ্য যে, ২৪ মাৰ্চ দেওবাৰে নিশা এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছিল বোকাখাত-কাৰ্বিআংলং সীমান্তৰ কাকচাং। নিজৰ AS-09-k-5343 নম্বৰৰ বাহন খনৰ ভিতৰতে ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল ৰয়েল ৰংহাং নামৰ যুৱ ব্যৱসায়ী জনৰ মৃতদেহ। যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙৰ মৃতদেহ উদ্ধাৰৰ পাছত দেওবাৰে নিশাই বোকাখাত-কাৰ্বিআংলং সীমান্তৰ কাকচাংত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীৰে কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন, কাৰ্বি ষ্টুডেণ্ট এচ’চিয়েচনৰ নেতৃত্বত শ শ পুৰুষ মহিলাই অতি শাঘ্ৰেই দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী তলিছিল বোকাখাত আৰক্ষীক(Sensational Murder In Bokakhat)।

কিন্তু নৃশংস হত্যাকাণ্ডৰ আঠটা দিন ওকলি যোৱাৰ পিছতো আজি পৰ্যন্ত দোষীক কৰায়ত্ব কৰিব নোৱাৰত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে সন্দেহবশতঃ এজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে যদিও ঘটনাৰ তদন্ত গতি লেহেমিয়া হোৱাত ক্ষোভিত হৈ আজি পুনৰ শ শ কাৰ্বি ৰাইজে বোকাখাত থানাৰ সন্মুখত বহি দোষীক শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত প্ৰকৃত দোষীক কৰায়ত্ব কৰিব নোৱাৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হংকাৰ উত্তেজিত ৰাইজৰ।

লগতে পঢ়ক : Bamboo Bridge : জনপ্ৰতিনিধিৰ চকু নপৰা দলং মেৰামতিৰ পাল উত্তৰপুৰুষ