Local, Vocal, Global

Bamboo Bridge : জনপ্ৰতিনিধিৰ চকু নপৰা দলং মেৰামতিৰ পাল উত্তৰপুৰুষ

মুছলপুৰ,১এপ্ৰিল : দলংখন নিৰ্মাণ কৰি কৰিয়েই উপৰিপুৰুষ মৰি গ’ল!

এতিয়া জনপ্ৰতিনিধিৰ চকু নপৰা দলং মেৰামতিৰ পাল উত্তৰপুৰুষৰ(Bamboo Bridge) ।

লোকসভা নিৰ্বাচনৰ ধামখুমীয়া আৰু ৰাজনৈতিক নেতাৰ ভাষণৰ ফুলজাৰিৰ মাজতে বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শান্তিপুৰত দলং নিৰ্মাণৰ বাবে ওলাই আহিবলগীয়া হৈছে স্থানীয় ৰাইজ।

বছৰ বছৰ ধৰি যাতায়াতৰ নামত যমৰ যাতনা ভূগি থকা অঞ্চলটোৰ ৰাইজে জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচায় নিজে ভগ্ন বাহৰ দলংখন নিৰ্মাণ কৰি আহিছে। উল্লেখ্য যে জিলাখনৰ থানগুৰিৰ পৰা শান্তিপুৰ হৈ ধমধমালৈ যোৱা পথটোত থকা কালভাৰ্টটো দীৰ্ঘদিন ধৰি ভাঙি থকাত ৰাইজে প্ৰতি বছৰে নিজৰ জেপৰ ধন খৰচ কৰি দুই-তিনিবাৰ দলংখনৰ নিৰ্মাণৰ কাম কৰে।

বিশেষকৈ বাৰিষাৰ সময়ছোৱাত অধিক সমস্যাৰ সম্মুখীন হয় অঞ্চলটোৰ ৰাইজ। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে হাৰাশাস্তিৰ সম্মুখীন হয়। যাৰ ফলত ক্ষোভিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ(Bamboo Bridge at Baksa)।

অৱশ্যে তেনে সময়তে ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লৈ সমাজকৰ্মী সুমিত কুমাৰ বড়োৱে বাহৰ দলংখন নিৰ্মাণৰ সকলো খৰচ বহন কৰি পথটোৰে যাতায়ত সুচল কৰি দিবলৈ আগবাঢ়ি আহিছে। চৰকাৰে ইচ্ছা কৰিলে এই দলংখন নিৰ্মাণ কৰাটো তেনেই সহজ বুলি উল্লেখ কৰি কয় যে তেওঁ কয় যে অঞ্চলটোৰ এই সমস্যাৰ কথা স্থানীয় জন প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী বা বিটিআৰ প্ৰধানক অৱগত কৰিব লাগিব ।

লগতে পঢ়ক : HSLC results will be announced in mid april :মাজুলীত মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ