Local, Vocal, Global

Assam CM kicks off poll campaign in Majuli through mega cycle rally : যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,১ এপ্ৰিল : মাজুলীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণডংকা ৷ সোমবাৰে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

আজি মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা ম’হৰিচকুলৈ ১৩ কি:মি: চাইকেল ৰেলী কৰে ৷ য’ত তেওঁক সংগ দিয়ে মাজুলীৰ বিধায়ক ভূবন গামৰ লগতে প্ৰায় ৫০০০ কাৰ্যকর্তাই । ৰেলীৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীক বিভিন্ন জনে আদৰণি জনায়(Assam CM kicks off poll campaign in Majuli through mega cycle rally) ৷

চাইকেল ৰেলী শেষ কৰি মহৰিচুকৰ খেলপথাৰত আয়োজন কৰা এখন সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰে । সভাত ৰাইজৰ উদ্দেশি ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মাজুলী-নিমাতী সংযোগী দলং আৰু চেলেক-ধুনাগুৰি দলং এই দুয়োখন দলং ২০২৬ চনত ৰাইজৰ বাবে মুকলি কৰিব পাৰিব। এই দলং দুয়োখনৰ কাম সম্পূর্ণ হ’লে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠা কৰিব ৷

ইফালে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই চাইকেল ৰেলী কৰি আহোঁতে ৰাইজৰ যি মৰম পালো তাৰ বাবে ৰাইজক ধন্যবাদ । মাজুলীৰ লগত সংযোগ হ’বৰ বাবে নিমার্ণ হৈ থকা দলং দুখনৰ কাম হ’লে এখন উন্নত মানৰ চিকিৎসা মহাবিদ্যালয় মাজুলীত প্রতিস্থা কৰা হ’ব ৷”

লগতে পঢ়ক : Sensational Murder In Bokakhat: আজি পুনৰ প্ৰতিবাদত কঁপিল বোকাখাত আৰক্ষী থানা!