Local, Vocal, Global

Sensational Incident : দুৰ্বৃত্তৰ নৃশংস আক্ৰমণৰ বলি হ’ল এহাল দম্পতী

নিউজ ডেস্ক, ২৯ নৱেম্বৰ : এক চাঞ্চল্যকৰ ঘটনা(Sensational Incident) । অৱসৰপ্ৰাপ্ত অভিযন্তাক আক্ৰমণ দুৰ্বৃত্তৰ । দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু অভিযন্তাৰ ।

কোকৰাঝাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বুধবাৰে পুৱা কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই নৃশংসভাৱে আক্ৰমণ কৰিলে স্বামী-স্ত্ৰীক(Sensational Incident)।

জানিব পৰা মতে, কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী আৰু তেওঁৰ হিম্মতসিংকা কোকৰাঝাত বাসগৃহত অকলে থাকে । দম্পতীহালৰ দুই সন্তান বহি ৰাজ্যৰ থাকে । পৰিয়ালৰ কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই দা ৰে আক্ৰমণ কৰে দুয়োকে । দাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দম্পতীহাল (Sensational Incident in Kokrajhar)।

তপন চক্ৰৱৰ্তী আৰু মধুমিতা চক্ৰৱৰ্তীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আছাম হাস্পতাললৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও বাটতে মৃত্যুক সাবটি লয় তপন চক্ৰৱৰ্তীয়ে৷ মধুমিতা চক্ৰৱৰ্তীৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পাৰা গৈছে৷

উল্লেখ্য যে, তপন চক্ৰৱৰ্তীৰ জীয়ৰী আমেৰিকাত থাকে আৰু পুত্ৰ বেংগালুৰুত থাকে ৷

বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন দা উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক : 40 passengers poisoned in Bharat Gaurav Yatra train : ৰে’লত প্ৰদান কৰা খাদ্যত বিষক্ৰিয়া;খাদ্য খাই অসুস্থ ৪০ গৰাকীকৈ যাত্ৰী