Local, Vocal, Global

Major Blow to ULFA-I as Four Senior Cadres Surrender : পুনৰ আলফা স্বাধীনৰ আত্মসমৰ্পণ ;আত্মসমৰ্পণ চাৰিজনকৈ আলফা কেডাৰৰ

নিউড ডেস্ক, ২৯ নৱেম্বৰ : পুনৰ আলফা স্বাধীনৰ আত্মসমৰ্পণ । আত্মসমৰ্পণ চাৰিজনকৈ আলফা কেডাৰৰ(ULFA (I) cadre surrendered)।

উল্লেখ্য যে, আলফা স্বাধীনৰ শিবিৰত এজনৰ পাছত আন এজন আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিছটো উজনিৰ একাংশ যুৱকে আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ খবৰ পোৱা গৈছে ।উজনিৰ কেইবাখনো জিলাৰ পৰা আলফা স্বাধীনলৈ বহু যুৱক- যুৱতীক ঢাপলি মেলাৰ তথ্য সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছে । তেনে সময়তে বুধবাৰে পোহৰলৈ আহিছে আন এক খবৰ (ULFA Surrendered)।

এইবাৰ চাৰিজনকৈ আলফা(স্বা) কেডাৰৰ আত্মসমৰ্পণ । বুধবাৰে আত্মসমৰ্প কৰিলে আলফা(স্বা)ৰ কেডাৰে(Major Blow to ULFA-I as Four Senior Cadres Surrender in Guwahati) ।

জানিব পৰা মতে, বুধবাৰে দুপৰীয়া ১২.৩০ মান বজাত ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পন কৰে ৪ কেডাৰে । এই আলফা(স্বা) কেইগৰাকীয়ে অস্ত্ৰও সম্বৰণ কৰে।

আত্মসমৰ্পন কৰা আলফা(স্বা)ৰ কেডাৰক আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে গামোচাৰে আদৰণি জনায়।

আত্মসমৰ্পন কৰা সদস্য কেইগৰাকী ক্ৰমে দীপক হাতী বৰুৱা, নয়ন পাটমাউট, মন্টু মৰান আৰু পলাশ মৰান।

ডিগবৈৰ দীপক হাতীবৰুৱা ওৰফে দিব্য অসমে ২০১১ চনৰ ২৫ মেত আলফা(স্বা) ত যোগদান কৰিছিল। ৩ মাহ ধৰি ম্যানমাৰত তেওঁ ট্ৰেইনিং লাভ কৰিছিল। আলফা(স্বা)ত তেওঁৰ ৰেংক আছিল- S/S LT.

সোণাৰিৰ যুৱক নয়ন পাটমাউট ওৰফে বিক্ৰম অসমে ২০১০ চনত আলফা(স্বা) ত যোগদান কৰিছিল। ম্যানমাৰৰ টাকা কেম্পত তেওঁ ট্ৰেইনিং লাভ কৰিছিল। আলফা(স্বা)ত তেওঁৰ ৰেংক আছিল- S/S captain.

তিনিচুকীয়াৰ মন্টু মৰাণ ওৰফে কুলাং মৰাণে ৪ ডিচেম্বৰ ২০১৮ ত যোগদান কৰিছিল আলফা(স্বাঃ)ত। ম্যানমাৰতে ট্ৰেইনিং লাভ কৰিছিল মন্টু মৰানে। তেওঁৰ ৰেংক আছিল- S/S CPL.

তিনিচুকীয়াৰ পলাশ মৰাণ ওৰফে গোপাল মৰানে ২০২১ চনত আলফা(স্বা)ত যোগদান কৰিছিল।

লগতে পঢ়ক : Sensational Incident : দুৰ্বৃত্তৰ নৃশংস আক্ৰমণৰ বলি হ’ল এহাল দম্পতী