Local, Vocal, Global

India welcomes release of Israeli hostages by Hamas : ইজৰাইলী পণবন্দীৰ মুক্তিক স্বাগতম ভাৰতৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ : ভাৰতে ইজৰাইলী বন্দীসকলক হামাছে মুক্তি কৰি দিয়া কাৰ্যক আদৰণি জনাইছে লগতে হামাছৰ হাতত এতিয়াও বন্দী হৈ থকা লোকসকলক তাৎক্ষণিক আৰু চৰ্তবিহীনভাৱে মুক্তি দিবলৈও আহ্বান জনাইছে(India welcomes release of Israeli hostages by Hamas) ।

আনহাতে, সন্ত্ৰাসবাদৰ সৈতে পণবন্দীক জড়িত কৰাটোত কোনো যৌক্তিকতা থাকিব নোৱাৰে বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে বিগত সপ্তাহত ইজৰাইল আৰু হামাছে ইজিপ্ত আৰু আমেৰিকাৰ সমৰ্থনত আৰু কাটাৰৰ মধ্যস্থতাত ৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত হামাছে বন্দী কৰা ইজৰাইল আৰু অন্যান্য বিদেশী নাগৰিকসকলক মুক্তি দিয়াৰ বাবে এক চুক্তিত উপনীত হৈছিল । এই আক্ৰমণত প্ৰায় ১,২০০ জন লোক নিহত হয় আৰু ২৪০ জন ইজৰাইলী আৰু অন্যান্য নাগৰিকক হামাছে বন্দী কৰে ।বৰ্তমানলৈকে হামাছে পাঁচটা গোটত ৬০ জনতকৈও অধিক ইজৰাইলী আৰু বিদেশী নাগৰিকক মুকলি কৰি দিছে(India welcomes release of Israeli hostages by Hamas, calls for immediate, unconditional release of those remaining) ।

আনহাতে, ইয়াৰ বিনিময়ত ইজৰাইলে প্ৰায় ১৫০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিছে । “আমি আজি এনে এক সময়ত সমবেত হৈছোঁ যে চলিত ইজৰাইল-হামাছ সংঘৰ্ষৰ ফলত মধ্যপ্ৰাচ্যৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটিছে । যাৰ ফলত বৃহৎ পৰিমাণে অসামৰিক লোকৰ প্ৰাণহানি হৈছে । বিশেষকৈ মহিলা আৰু শিশুৰ মৃত্যু হৈছে আৰু এক উদ্বেগজনক মানৱীয় সংকটে দেখা দিছে । এইটো স্পষ্টভাৱে গ্ৰহণযোগ্য নহয় আৰু আমি সঁচাকৈয়ে অসামৰিক লোকৰ মৃত্যুক তীব্ৰ গৰিহণা দিছোঁ ।”

ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে মঙলবাৰে কয় । ইয়াৰ উপৰি পেলেষ্টাইনৰ প্ৰশ্ন আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ পূৰ্ণাংগ বৈঠকত দিয়া মন্তব্যত কম্বোজে কয় যে এই মানৱীয় সংকট সমাধানৰ ক্ষেত্ৰত সকলো পক্ষই পৰম দায়িত্ব প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয় । “আমি অৱগত যে তাৎক্ষণিক প্ৰতিক্ৰিয়াটো আছিল ৭ অক্টোবৰত ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ । এই ঘটনা অতি আচৰিত আছিল আৰু এয়া আমাৰ বাবে দ্ব্যর্থহীন গৰিহণাৰ যোগ্য । সন্ত্ৰাসবাদৰ লগত পণবন্দীক জড়িত কৰোৱাটো কেতিয়াও যুক্তিপূৰ্ণ হ’ব নোৱাৰে ” তেওঁ কয়(India welcomes release of Israeli hostages by Hamas, calls for immediate, unconditional release of those remaining) ।

কম্বোজে কয় লগত যে ভাৰতে বন্দীসকলৰ মুক্তিৰ বাতৰিক আদৰণি জনাইছে । লগতে বাকী থকা বন্দীসকলক তাৎক্ষণিক আৰু চৰ্তবিহীনভাৱে মুকলি কৰাৰ আহ্বান জনাইছে । যিসকলক পণবন্দী হিচাপে লোৱা হৈছে তেওঁলোকৰ প্ৰতি নিজৰ দেশৰ উদ্বেগ আছে বুলিও তেওঁ উল্লেখ কৰে ।”সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ এক শূন্য সহনশীল দৃষ্টিভংগী আছে । আমি এইটোও বিশ্বাস কৰোঁ যে আন্তৰ্জাতিক মানৱীয় আইন পালন কৰাৰ এক সাৰ্বজনীন বাধ্যবাধকতা আছে ।” তেওঁ কয় । আনহাতে, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে বন্দীসকলৰ মুক্তিক আদৰণি জনাইছে আৰু সকলো বন্দীকে তাৎক্ষণিক আৰু চৰ্তবিহীনভাৱে মুক্তি দিয়াৰ বাবে তেওঁ পুনৰ আহ্বান জনাইছে ।

লগতে পঢ়ক : Uttarkashi Tunnel Rescue : সুস্থভাৱে উদ্ধাৰ হ’ল শ্ৰমিকসকল; অন্ত পৰিল দেশৰ ৪১ টাকৈ পৰিয়ালৰ দুঃচিন্তা