Local, Vocal, Global

Sensational Incident : কন্যাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰাৰ বাবেই আত্মহত্যা পিতৃৰ

নিউজ ডেস্ক, ২০ এপ্ৰিল : কন্যাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰাৰ বাবেই আত্মহত্যা পিতৃৰ । বৰপেটাৰোডৰ জাখলিবিল পাথাৰত কন্যাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰাৰ বাবেই আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় পিতৃয়ে । আত্মহত্যা কৰা লোকজনৰ নাম লক্ষণ আৰ্য বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে আজি ঘোষণা কৰা হৈছিল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যত দেখা গৈছে ব্যাপক উছাহ(HSLC exam result 2024)

তাৰ মাজতে বৰপেটাৰোডত সংঘটিত হ’ল এক অঘটন ।

জানিব পৰা মতে, বৰপেটাৰোডৰ সমীপৰ জাখলিবিল পাথাৰৰ লক্ষণ আৰ্যই কমাৰৰ কাম কৰি তেওঁৰ পৰিয়ালটো কোনোমতে পোহপাল দি আহিছিল । অশেষ কষ্ট স্বীকাৰ কৰি কন্যাৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল লক্ষণ আৰ্য । তেওঁৰ কন্যাই এইবেলি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । আন পিতৃৰ দৰে এক ভাল ফলাফল আশা কৰিছিল মৃত আৰ্যয়ো ৷পিছে, আশা কৰা ফলাফল লাভ নকৰিলে লক্ষণ আৰ্যৰ কন্যাই । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কন্যাই উত্তীৰ্ণ হ’ব নোৱৰাৰ খবৰ লাভ কৰি হতাশ হৈ পৰে লক্ষণ আৰ্য । ক্ষণিকৰ ভিতৰতে পিতৃয়ে ঘৰৰ কাষতে থকা ১নং ৰে’লৱে গেটৰ কিছু নিলগৰ ৰে’ল লাইনলৈ আহি নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ তলত পৰি আত্মহত্যা কৰে ৷ লগে লগে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত(Sensational Incident) ।

বৰপেটাৰোডত সংঘটিত এই কৰুণ ঘটনাই এক শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । ইতিমধ্যে বৰপেটাৰোড ৰে’ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Assam Youth Dies in Hyderabad : হায়দৰবাদত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ