Local, Vocal, Global

Assam Youth Dies in Hyderabad : হায়দৰবাদত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২০ এপ্ৰিল : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Dies in Hyderabad)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Dies in Hyderabad) ।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । হায়দৰবাদত মৃত্যু অসমৰ যুৱকৰ ।

লখিমপুৰৰ পানী গাঁৱৰ সীমান্ত দত্ত নামৰ ২৩বছৰীয়া যুৱকজনৰ হায়দৰবাদৰ নানাকৰমগোৱাত মৃতদেহ উদ্ধাৰ হয় ।শুকুৰবাৰে নিশা সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল যুৱকজনৰ মৃতদেহ।

জানিব পৰা মতে, হায়দৰবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন।

অভিযোগ অনুসৰি ঘটনাস্থলীৰ পৰা পৰিয়ালবৰ্গলৈ প্ৰেৰণ কৰা ফটোসমূহত যুৱকজনৰ দেহত আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে। গতিকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালবৰ্গই।

লগতে পঢ়ক : HSLC exam result 2024 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰিলে মাজুলীৰ মানস প্ৰতীম শইকীয়াই