Local, Vocal, Global

Congress workers join BJP : বাজপেয়ী ভৱনত কংগ্ৰেছৰ ২০০ নেতা-কৰ্মীৰ বিজেপিত যোগদান

নিউজ ডেস্ক, ২০ এপ্ৰিল : কংগ্ৰেছত ব্যাপক খহনীয়া । লোকসভাৰ নিৰ্বাচনৰ মাজতে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে(Congress workers join BJP)।

লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছত আন এক আঘাত । বিজেপিত যোগদান কৰে কংগ্ৰেছৰ ২০০ নেতা-কৰ্মী ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ ২৪ ঘন্টা নৌহওঁতেই গুৱাহাটীত কংগ্ৰেছৰ ২০০ গৰাকী নেতা কৰ্মীয়ে শনিবাৰে বিজেপিত যোগদান কৰে ।

শনিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত এক যোগদান অনুষ্ঠানত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কংগ্ৰেছৰ কৰ্মীসকলে যোগদান কৰে । কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা‌ কমিটীৰ সাধাৰণ সম্পাদক বিজয় ৰহাং, কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলা‌ৰ বিষয়ববীয়া মহম্মদ হুছেইন, যুৱ কংগ্ৰেছৰ গুৱাহাটী জিলাৰ সাধাৰণ সম্পাদক আমিৰ হুছেইন আদিয়ে বিজেপিত যোগদান কৰে(Congress workers join BJP) ।

লগতে পঢ়ক : Sensational Incident : কন্যাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰাৰ বাবেই আত্মহত্যা পিতৃৰ