Sensational incident : চাপৰ চিকিৎসালয়ত নাভুত নাশ্ৰুত কাণ্ড;ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ
চাপৰ,৭আগষ্ট : অসমৰ স্বাস্থ্য বিভাগক লৈ এবাৰ হাত চাপৰি বজাই দিয়ক। এই কথাষাৰ কিয় কব লগা হৈছে বাতৰিটো শুনিলে বুজি পাব।
চাপৰ চিকিৎসালয়ত নাভুত নাশ্ৰুত কাণ্ড। ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ(Sensational incident) ।
এইজন আচবাহাৰুল ইছলাম। আচবাহাৰুল ইছলাম চতুৰ্থ বৰ্গৰ কৰ্মচাৰীষ।কিন্তু আচবাহাৰুল ইছলাম আছে আন এক টেলেন্ট। ফাৰ্মাচিষ্ট নহলেও ৰোগীৰ জীৱনত লৈ হেতালী খেলাত পাকৈত আচবাহাৰুল ইছলাম।
ৰাজ্যত এনেদৰে চলিছে নেকি স্বাস্থ্য বিভাগ ?স্বাস্থ্য মন্ত্ৰী গৰাকীৰ দৃষ্টি আকৰ্ষণ হ’বনে ?
এইখন হৈছে ৩০ খন বিচনাযুক্ত চাপৰ সামূহিক চিকিৎসালয়। চাপৰ সামূহিক চিকিৎসালয়ত চিকিৎসাকে লিখা ঔষধ সমূহ ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ৰোগীসকলক প্ৰদান কৰিছে। যিকোনো মূহুৰ্তত ঘটিব পাৰে অঘটন।
ফাৰ্মাচিষ্ট এগৰাকীয়ে যি ঔষধ দিব পাৰে সেইখিনি ঔষধ এগৰাকীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব পাৰেনে সেয়া চিন্তনীয় বিষয় ?
দুখীয়া দৰিদ্ৰৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ কোনে দিলে চাপৰ চিকিৎসালয়ক ? উল্লেখ্য যে ফাৰ্মাচিষ্ট সাহজাহান সেখ নামৰ কৰ্মচাৰীগৰাকীয়ে নিজে চিকিৎসালয়ত উপস্থিত নাথাকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আচবাহাৰুল ইছলামৰ হতুৱাই ৰোগীক দি আছে ঔষধ(Sensational incident) ।
সেই দৃশ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে।যাকলৈ চাপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাপৰ সামূহিক চিকিৎসালয়ত ।
লগতে পঢ়ক : Akhil gogoi : গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈৰ