Local, Vocal, Global

ECI Announces Rajya Sabha Elections for 12 Vacant Seats on September 3 : ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা;অসমসহ দেশৰ ৯ খন ৰাজ্যৰ ১২ খন আখনৰ বাবে হ’ব ৰাজ্যসভাৰ নিৰ্বাচন

নিউজ ডেস্ক,৭আগষ্ট : ঘোষণা হ’ল ৰাজ্যত উপ-নিৰ্বাচনৰ দিন । নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। অসমসহ দেশৰ ৯ খন ৰাজ্যৰ ১২ খন আখনৰ বাবে হ’ব ৰাজ্যসভাৰ নিৰ্বাচন । অসমৰ ২খন আসনৰ বাবে হ’ব ৰাজ্যসভাৰ নিৰ্বাচন(ECI Announces Rajya Sabha Elections for 12 Vacant Seats on September 3) ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনত অসমৰ দুগৰাকী ৰাজ্যসভা সাংসদে প্ৰতিদ্বন্দিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈ গৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু নৱ গঠিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈ যোৱাত এই দুই আসন খালী হৈছে। কামাখ্যা প্ৰসাদ তাছাৰ আসনখনৰ কাৰ্যকাল ১৪ জুন ২০২৫ লৈ আৰু সৰ্বানন্দ সোণোৱালৰ আসনখনৰ কাৰ্যকাল ৯ এপ্ৰিল ২০২৬ পৰ্যন্ত। অসমৰ এই দুই আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। ৩ ছেপ্টেম্বৰ অনুষ্ঠিত হ’ব নিৰ্বাচন ৷

ইয়াৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২১ আগষ্ট । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২৬ আগষ্ট(ECI Announces Rajya Sabha Elections for 12 Vacant Seats on September 3) ।

লগতে পঢ়ক : Akhil gogoi : গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈৰ