Akhil gogoi : গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈৰ
নগাঁও,৭আগষ্ট : বিধায়ক অখিল গগৈ এক গোচৰ সংক্ৰান্তত উপস্থিত হয় নগাঁৱৰ আদালত চৌহদত। বিধায়কজনে নগাঁৱৰ আদালত চৌহদত উপস্থিত হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সাংবাদিকৰ আগত।
গুৱাহাটী নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালক তুলা ধূনা কৰে বিধায়ক অখিল গগৈ । গুৱাহাটীৰ ভয়ংকৰ বান পৰিস্থিতি সন্দৰ্ভত নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। কয় যে,অশোক সিংহল নামৰ বেপাৰীজনৰ পৰা গুৱাহাটীৰ উন্নয়ন দপ্তৰ বিভাগৰ দায়িত্ব কৰ্তন কৰিব লাগে। এজন বিল্ডাৰক দপ্তৰটো প্ৰদান কৰি উদক ভেটা ৰখীয়া পতাৰ দৰে কথা হে হৈছে। ৰঙা পানীৰ ওপৰত গৱেষণা কৰিবলৈ ৰাইজে অশোক সিংহলক মন্ত্ৰী পতা নাছিল(Akhil gogoi)।
সমান্তৰালকৈ কাজিৰঙা নিৰ্মাণ হ’বলগীয়া পঞ্চতাৰকা হোটেলক লৈ ক্ষুৰধাৰ সমালোচনা কৰে বিধায়ক গৰাকীয়ে। লগতে বিৰোধী মিত্ৰজোঁটে পঞ্চায়ত আৰু আগন্তুক বিধান সভা নিৰ্বাচন একত্ৰিত ভাৱে খেলি বিজেপিক ৰাজ্যৰ পৰা খেদিব লাগে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।
ইয়াৰোপৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে কয় যে, অহা কালিলৈ কংগ্ৰেছৰ সৈতে এক বৈঠকত মিলিত হব লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সকলোৱে একেলগে খেলিব লাগে।
লগতে পঢ়ক :Food poisoning in Bezara : বেজেৰাত প্ৰসাদত বিষক্ৰিয়া;অসুস্থ শিশুসহ ৪০ গৰাকীকৈ লোক