Local, Vocal, Global

Senior Congress Leader Kishore Bhattacharya joins BJP : প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান

নিউজ ডেস্ক,৩১মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিছে বিজেপিত ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত দেখা গৈছে ব্যাপক খহনীয়তা(Senior Congress Leader Kishore Bhattacharya joins BJP) ।

৩০ মাৰ্চ অৰ্থাৎ শনিবাৰে চাৰিজনকৈ প্ৰভাৱশালী কংগ্ৰেছ নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচতেই দেওবাৰেও কংগ্ৰেছৰ আন এজন নেতাই গেৰুৱা বসন পৰিধান কৰে ৷

শনিবাৰে দল ত্যাগ কৰা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যই দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে কিশোৰ ভট্টাচাৰ্যই ৷ উল্লেখ্য যে, কিশোৰ ভট্টাচাৰ্যৰ লগতে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক অনন্ত মালো আৰু বি পি এফৰ শীৰ্ষ নেতাই আজি বিজেপিত যোগদান কৰে ৷

আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধি কংগ্ৰেছ ত্যাগী নেতা কিশোৰ ভট্টাচাৰ্যই ইমান দিনে সেৱা আগবঢ়াই অহা দলটোৰ প্ৰতি বিৰূপ মন্তব্য নকৰে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : Tragic incident : বাঁহৰ সাঁকো ভাঙি ৬০ ফুট তলত পৰিল ৭গৰাকীকৈ মহিলা