Self-reliant youth: কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে দেৰগাঁৱৰ এজন লোক
দেৰগাঁও,৫ফেব্ৰুৱাৰী : কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে দেৰগাঁৱৰ এজন লোক। আপেল বগৰী খেতিৰে স্বাৱলম্বী হৈছে দেৰগাঁৱৰ জয় প্ৰসাদ খাদৰীয়া।
দেৰগাঁৱৰ এগৰাকী ব্যৱসায়ী জয় প্ৰসাদ খাদৰীয়াই ৩ বছৰৰ পৰা কৰি আছে আপেল বগৰী খেতি। তেওঁ এক বিঘা মাটিত আপেল বগৰীৰ খেতি কৰিছে ৷
ব্যৱসায়ী জয় প্ৰসাদ খাদৰীয়াই জনোৱা মতে এজোপা গছত তেওঁ ১০০ কেজিলৈকে আপেল বগৰী লাভ কৰিছে। তেওঁৰ কৃষিৰ আপেল বগৰী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মুম্বাইলৈও প্ৰেৰণ হৈছে। বিশেষকৈ যথেষ্ট লাভবান এই আপেল বগৰী খেতি। ব্যৱসায়ীজনে যুৱ চামক এই কৃষিৰ বাবে আগুৱাই আহিবলৈ অনুৰোধ জনাইছে(Self-reliant youth)।
বগৰীটো খাবলৈও সুস্বাদু ,এই ব্যৱসায় জনে সকলোৱে বাবে মুকলি কৰি দিছে এই বগৰী বাগান খন। তেওঁৰ বিক্ৰী নকৰে এই বগৰী , তেওঁ ৰাইজৰ মাজত বিলাই দিয়ে। ৩ টা বছৰে তেওঁ আপেল বগৰী বিতৰণ কৰি আহিছে।
লগতে পঢ়ক :Chapar News:পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ পৰা উদ্ধাৰ চাৰি গৰাকীকৈ নাবালিকা