Local, Vocal, Global

Massive fire breaks out in Amguri: ধেপৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত ৫ লক্ষাধিক টকাৰ সম্পত্তি

নিউজ ডেস্ক,৫ফেব্ৰুৱাৰী : ধেপৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। প্ৰায় ৫ লক্ষাধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত ।

নামতি ধেপৰ গাঁৱৰ বাসিন্দা প্ৰফুল্ল শৰ্মা নামৰ ব্যক্তিজনৰ ঘৰৰ ভঁৰালত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। এই অগ্নিকাণ্ডত এটা ভৰালৰ লগতে পশুধন জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাঁ‌হ যায়(Massive fire breaks out in Amguri)।

স্থানীয় ৰাইজ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত নাজিৰা, শিৱসাগৰ আৰু আমগুৰিৰ চাৰি খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক :Self-reliant youth: কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে দেৰগাঁৱৰ এজন লোক