Chapar News:পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ পৰা উদ্ধাৰ চাৰি গৰাকীকৈ নাবালিকা
চাপৰ,৫ফেব্ৰুৱাৰী : চাপৰ শালকোচা আৰক্ষীৰ সফলতা।
শালকোচা আৰক্ষী চকীৰ অভিযানত পশ্চিম বংগৰ আলীপুৰ দুৱাৰৰ পৰা উদ্ধাৰ চাৰি গৰাকীকৈ নাবালিকা ।
শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃৰ্তিমান পাঠকৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ নাবালিকা কেইগৰাকীক।
জানিব পৰা মতে, চাপৰৰ খেৰডুবিৰ পৰা ৩ ফেব্ৰুৱাৰী সন্ধিয়া নিৰুদ্দেশ হৈছিল নাবালিকা ছোৱালী কেইগৰাকী।নিৰুদ্দেশৰ পিছতে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে ।নাবালিকাৰ কেইগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শালকোচা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম নাবালিকা কেইগৰাকীক(Chapar News)।
আৰক্ষীয়ে তৎপৰতাত কম সময়ৰ ভিতৰত নাবালিকা কেইগৰাকীক উদ্ধাৰ কৰাত ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে শালকোচা আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে।
পৰিয়ালৰ লোকৰ সন্দেহ নাৰী সৰবৰাহকাৰীৰ জালত পৰিছিল নাবালিকা কেইজন।
উদ্ধাৰ হোৱা নাবালিকা ছোৱালী কেইজনৰ বয়স ক্ৰমে ১০,১২,১৪ আৰু ১৬ বছৰ আছিল বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক :PM Modi Mahakumb: আজি প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যাব প্ৰধানমন্ত্ৰী