Sehri and Iftar times announced: ঘোষণা কৰা হ’ল ছেহৰী আৰু ইফটাৰৰ সময়
৮ফেব্ৰুৱাৰী ২০২৫,ৱেবডেস্ক: আহি পালে ৰমজান মাহ । পৱিত্ৰ ৰমজান মাহলৈ মাজত মাথো কেইটামান দিন । ৰাজ্যৰ লাখ লাখ মুছলমানলৈ জৰুৰী ঘোষণা । ঘোষণা কৰা হ’ল ছেহৰী আৰু ইফটাৰৰ সময়। ২ মাৰ্চ, দেওবাৰে প্ৰথমটো ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকে। ৰমজান উপলক্ষে প্ৰকাশ পালে ছেহৰী আৰু ইফটাৰৰ সময় ,প্ৰথমটো ছেহৰীৰ সময় পুৱতি নিশা ৪.৩০ বজাত।একেদিনাই সন্ধিয়া ৫.২৫মিনিটত ইফটাৰ ।ৰোজাৰ অন্তিম ছেহেৰীৰ সময় পুৱতি নিশা ৩.৫৯ মিনিটত আৰু অন্তিম ইফটাৰৰ সময় ৫.৪০ মিনিটত । গুৱাহাটীৰ বাবে প্ৰকাশ পাইছে এই সময়।৩১মাৰ্চত দেশবাসীয়ে পালন কৰিব পবিত্ৰ ঈদ।