Local, Vocal, Global

Delhi Election Results 2025: জনতাৰ আঙুলিত ৰাজনৈতিক নেতাৰ ভৱিষ্যত অহংকাৰ আৰু আত্মবিশ্বাসক লৈ গৌৰৱ নকৰিব

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : এয়াই ৰাজনীতি ! জনতাৰ আঙুলিত ৰাজনৈতিক নেতাৰ ভৱিষ্যত অহংকাৰ আৰু আত্মবিশ্বাসক লৈ গৌৰৱ নকৰিব। দুবাৰৰ মুখ্যমন্ত্ৰীক ওফৰাই দিলে জনতাই।

দেশৰ ৰাজধানী দিল্লীৰ আজি নিৰ্বাচনী ফলাফল ঘোষণা হ’ল। ২৭ বছৰৰ পিছত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু দিল্লীত। কোন মুখ্যমন্ত্ৰী হব সেইয়া যদিও স্পষ্ট হোৱা নাই তথাপিও বহুতেই কৈছে যে এসময়ৰ দিল্লীৰ মুখ্যমন্ত্ৰী ছাহিব সিং বাৰ্মাৰ পুত্ৰ পৰৱেশ ছাহিব সিং বাৰ্মা হোৱাৰ সম্ভাৱনা আছে। পৰৱেশ ছাহিব সিঙে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পৰাস্থ কৰে ৪০৮৯টা ভোটত। অৰবিন্দ কেজৰিৱাল পৰাস্থ হোৱাৰ পাছতেই কেজৰিৱালৰ এটা ভিডিঅ ভাইৰেল হৈ পৰিছে(Delhi Election Results 2025)।

দিল্লী জনতাৰ হৈ সততে ভাষণত কোৱা কেজৰিৱালক ওফৰাই পেলালে দিল্লীৰ জনতাই। যদিও আম আদমী পাৰ্টিয়ে ২২খন আসনত সীমাবদ্ধ হৈ থাকিব লগা হল কিন্তু আচল কথাটো হল অৰবিন্দ কেজৰিৱাল নিজেও জয়ী হব নোৱাৰিলে। অৰবিন্দ কেজৰিৱাল পৰাজয়ৰ খবৰ পায়েই বিজেপিৰ এইগৰাকী নেতাই এনেদৰে হাতত মিঠাই লৈ কেজৰিৱাল ঘৰ পালে ।

২৭বছৰ পাছত দিল্লীত বিজেপিয়ে নিজৰ ক্ষমতাত লোৱাৰ পাছতেই অসমৰ বহু ঠাইত এনেদৰে আনন্দ উল্লাস কৰা দেখা গল। এই দৃশ্য হৈছে হাটশিঙিমাৰিৰ আৰু এই দৃশ্য হৈছে সোনাৰিৰ। সোনাৰিৰ বিজেপি কৰ্মী সকলোৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গল।

লগতে পঢ়ক :Ration card holders: লাখ লাখ ৰেচন হিতাধিকাৰীৰ বাবে ভাল খবৰ