Local, Vocal, Global

Section 144 imposed in Sonitpur : লোকসভাৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত শোণিতপুৰত জাৰি ১৪৪ ধাৰা

নিউজ ডেস্ক, ১৮ এপ্ৰিল : শোণিতপুৰত ১৪৪ ধাৰা জাৰি । লোকসভাৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ এলানি নিষেধাজ্ঞা জাৰি কৰিছে(Section 144 imposed in Sonitpur) ।

নিষেধাজ্ঞা অনুসৰি ১৭ এপ্ৰিল তাৰিখে বিয়লি ০৫.০০ বজাৰ পৰা ভোট গ্ৰহণ সমাপ্ত হোৱালৈকে প্ৰায় ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাৱেশ আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰোপৰি সমষ্টিটোৰ ৰাজনৈতিক কাৰ্যকৰী কৰ্মী, দলীয় কৰ্মী, প্ৰচাৰ কৰ্মীৰ উপস্থিতি বাৰণ কৰাৰ লগতে উদ্দাত্ত বা সাম্প্ৰদায়িক বা বৰ্ণবাদী ভাষণ, শ্লোগান, বেনাৰ, পোষ্টাৰ, দেৱাল লিখন আদিৰ জৰিয়তে নিৰ্বাচকক প্ৰলোভিত কৰা বা ভয় দেখুৱাব পৰা কাৰ্য নিষিদ্ধ কৰিছে ।

ইয়াৰ লগতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভোটৰ বাবে প্ৰচাৰ কৰা বা নিৰ্বাচনৰ দিনটোত ৰাজনৈতিক দলৰ নাম, প্ৰতীক, শ্লোগান আদি থকা টুপী, চাদৰ আদিৰ দৰে পৰিধান যোগ্য বস্ত্ৰকে ধৰি নিৰ্বাচনৰ লগত জড়িত যিকোনো জাননী বা চিন প্ৰদৰ্শন কৰিব নোৱাৰিব । লগতে ভোটগ্ৰহণ কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত কোনো ভোটাৰে ব্যক্তিগত বাহন প্ৰবেশ কৰিব নোৱাৰিব ।

ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বত উচ্চ স্বৰত লাউডস্পীকাৰ ব্যৱহাৰ কৰা, নিৰ্বাচনৰ দিনা চিঞৰ-বাখৰ বা অন্য কোনো ধৰণৰ বিশৃংখলভাৱে কাম কৰা আৰু ভোটগ্ৰহণ সমাপ্ত হোৱালৈকে ৪৮ ঘন্টাৰ ভিতৰত লাউডস্পীকাৰৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে । কিন্তু ইয়াৰ দ্বাৰা ঘৰে ঘৰে কৰা প্ৰচাৰৰ ক্ষেত্ৰত এই ৪৮ ঘণ্টাৰ সময়ছোৱাত ঘৰে ঘৰে যোৱাত বাধা আৰোপ কৰা নাই(Section 144 imposed in Sonitpur) ।

কোনো লোকে এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক : BJP national president JP Nadda visit assam : অসমত বিজেপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই