Local, Vocal, Global

কলিয়াবৰত ১৪৪ ধাৰা জাৰি ! বাঘৰ সন্ত্ৰাসৰ বাবে দুটাকৈ পথত জাৰি ১৪৪ ধাৰা…

ডিজিটেল ডেস্ক:- বুধবাৰে প্ৰকাশ কৰা এক তথ্য অনুসৰি কলিয়াবৰত ১৪৪ ধাৰা জাৰি।হাতী-মানুহৰ সংঘাতৰ সমান্তৰালকৈ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বাঘৰ সন্ত্ৰাস। এইবাৰ বাঘৰ সন্ত্ৰাসৰ বাবে কলিয়াবৰৰ দুটাকৈ পথত জাৰি কৰিলে ১৪৪ ধাৰা। কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰে ১৪৪ ধাৰা ।কলিয়াবৰ চাহ বাগিচাৰ মাজেদি যোৱা শিলঘাট-কামাখ্যা মন্দিৰ-সোণাৰীগাঁও সংযোগী গড়কাপ্তানি পথত ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে। অঞ্চলটোত বাঘে নিজৰ দুটি পোৱালী লৈ বিচৰণ কৰি থকাৰ প্ৰেক্ষাপটত প্ৰশাসনে অঞ্চলটোত জাৰি কৰে ১৪৪ ধাৰা।

বুধবাৰে বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈকে ১৪৪ ধাৰা জাৰি কৰে এই দুটা পথত।এই সময়ছোৱাত কোনো লোকে আইন উলংঘা কৰিলে আইনগতভাৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব কলিয়াবৰ মহকুমা প্ৰশাসন তথা বন বিভাগে।জানিব পৰা মতে, মঙলবাৰে নিশাৰ পৰা কলিয়াবৰ চাহ বাগিচা আৰু সোণাৰী কামাখ্যা গাঁৱৰ কিছু এলেকাত পোৱালিসহ ঢেঁকীয়াপতীয়া বাঘে বিচৰণ কৰি আছে।এতিয়ালৈকে বাঘৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই যদিও নিৰাপত্তাৰ কথা চিন্তা কৰি জিলা দণ্ডাধীশে অঞ্চলটোত মানুহৰ চলাচল বন্ধ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে।