Local, Vocal, Global

আজিৰ দিনটোৰ ৰাশিফল,চাওক আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব…

ডিজিটেল ডেস্ক:- মেঘ ৰাশি- মেষ ৰাশিৰ লোকৰ বাবে এক শুভ দিন আজি। আজি আপুনি যি সিদ্ধান্ত লয় তাৰ পৰা আপুনি লাভৱান হ’ব।আপোনাৰ ব্যস্ততা বাঢ়িব আৰু মনটোও সুখী হ’ব।

বৃষ ৰাশি- বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি এটা শুভ দিন আৰু অৰ্থনৈতিক অৱস্থা সুদৃঢ় হ’ব। আজি আপোনাৰ সকলো কাম সম্পূৰ্ণ হ’ব।

মিথুন ৰাশি- আজি ভাগ্যই এই ৰাশিৰ লোকক সহায় কৰিব। যদি আপুনি সংবাদ মাধ্যম বা জনসেৱাৰ সৈতে জড়িত তেন্তে আজি আপোনাৰ বাবে এক সফল দিন হ’ব।

কৰ্কট ৰাশি- আপোনাৰ ভাগ্য আজি আপোনাৰ লগত থাকিব ।এই ৰাশিৰ বাবে বৃহস্পতিবাৰ ভগৱান বিষ্ণুৰ আশীৰ্বাদ পাব পাৰে । কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ’ব।

সিং ৰাশি- আজি সিংহ ৰাশিৰ বাবে অনুকূল দিন । আজি কঠোৰ পৰিশ্ৰম হ’ব, কিন্তু আপুনিও লাভৱান হ’ব। যিসকল ডাক্তৰ বা উকীল, তেওঁলোকৰ বাবে আজি কামটো বহুত গধুৰ হ’ব।

কন্যা ৰাশি- এইসকল ৰাশিৰ লোকৰ আজি হঠাৎ ক’ৰবাৰ পৰা টকা পোৱাৰ খবৰে আপোনাক বহুত সুখী কৰি তুলিব। আজি অফিচত অতিৰিক্ত কাম কৰিব।

তুলা ৰাশি- আজি তুলা ৰাশিৰ লোকৰ বাবে অতি ব্যস্ততাৰ দিন। লেনদেনৰ কামৰ বাবে আজি ভাল দিন নহয়। আজি আপুনি আপোনাৰ কাৰ্যালয়ৰ লগত জড়িত কামবোৰ সময়মতে সম্পূৰ্ণ কৰি পৰিয়ালক সময় দিয়াৰ সুযোগ পাব।

বৃশ্চিক ৰাশি- এই সকল লোক আজি বহুত চিন্তিত আৰু বিচলিত হব আৰু কাম কৰিবলৈ মন নাযাব। আপোনাৰ সকলো কাম সুকলমে সম্পূৰ্ণ হ’ব কিন্তু এটা ফোন কল এনেদৰে আহিব পাৰে যে আপোনাৰ সমগ্ৰ প্ৰগ্ৰেমটো সলনি হ’ব পাৰে।

ধনু ৰাশি- আজি ধনু ৰাশিৰ লোকসকলৰ বহু ব্যস্ততাৰ মাজেৰে পাৰ হ’ব । ঘৰৰ সকলো ৰক্ষণাবেক্ষণৰ কাম কান্ধত পৰিব পাৰে।

মকৰ ৰাশি- এই ৰাশিৰ লোকে ব্যৱসায়িক সুযোগৰ সম্পূৰ্ণ সুবিধা ল’ব জানে, কিন্তু কিছুমান জ্যেষ্ঠ বিষয়াই কৰ্তব্যৰ সময়তো ফোন কৰিব পাৰে। আজি অতিৰিক্ত কাম কৰিব লাগিব পাৰে।

কুম্ভ ৰাশি- এই ৰাশিৰ লোকে আজি কৰ্মসংস্থাপন সম্পৰ্কে কিছু ভাল খবৰ পাব। ৰাতিপুৱাৰ পৰা যিকোনো ফোন কলৰ দ্বাৰা আপুনি অন্যমনস্ক হৈ পৰিব আৰু আজি আপোনাৰ মনটোৱে কাম কৰিব নোৱাৰিব।

মীন ৰাশি- এই ৰাশিৰ লোকে আজি যিকোনো কাম কৰিবলৈ বহুত কষ্ট কৰিব লাগিব।আজি ঘৰৰ বাহিৰলৈ ওলাই গৈ ৰেষ্টুৰেণ্টত বহি, আনকি কিছু খাদ্য খোৱাতো গধুৰ খৰচৰ বোজা পৰিব পাৰে।