Local, Vocal, Global

আপুনি বাৰু চালানী মাছ খাই নেকি? চালানী মাছৰ নামত আপুনি কি খাইছে জানেনে?

ডিজিটেল ডেস্ক:- আপুনি বাৰু চালানী মাছ খাই নেকি? চালানী মাছৰ নামত আপুনি কি খাইছে জানেনে? বজাৰৰ পৰা কিনা মাছ আপোনাৰ স্বাস্থ্যৰ বাবে হব পাৰে অতি ভয়ংকৰ ?আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে মাতি আনিছে নেকি বিপদ ! কেঞ্চাৰৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত হ’ব পাৰে আপুনি ! চালানী মাছক লৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ গৱেষণা। চালানী মাছত ধৰা পৰিছে বিষাক্ত পদাৰ্থৰ অৱস্থিতি।

চালানী মাছত ধৰা পৰিল বৰবিহ ফৰ্মেলিনৰ উপস্থিতি।চালানী মাছৰ ক্ষেত্ৰত নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে প্ৰমাণ সহকাৰে দাঙি ধৰিলে এক তথ্য।১৫% পৰ্যন্ত বিষাক্ত ফৰ্মেলডিহাইড পোৱা গৈছে চালানী মাছত।কেডিয়াম, আৰ্ছেনিকো ধৰা পৰিছে প্ৰাথমিক পৰীক্ষাত।ফৰ্মেলিনযুক্ত মাছ মাৰাত্মক কৰ্কট ৰোগৰ বাহক।স্বাস্থ্য বিভাগলৈ স্মাৰক পত্ৰ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষৰ।স্বাস্থ্য বিভাগক চালানি মাছৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান

বহিঃৰাজ্যৰ পৰা চালানী মাছৰ ক্ষেত্ৰত বিগত তিনিমাহে কৰা পৰীক্ষাৰ অন্তত উন্মোচন হ’ল ভয়ংকৰ তথ্য। প্ৰমাণিত হ’ল চালানী মাছৰ নামত খোৱা হৈছে বৰবিহ।গতিকে সাৱধান হওক।আজিৰ পৰা বন্ধ কৰক চালানী মাছ খোৱাৰ । অন্যথা আপোনাৰ স্বাস্থ্যলৈ নামি আহিব পাৰে ভয়ংকৰ বিপদ।