ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন- তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত অংশগ্ৰহণ ৰাষ্ট্ৰপতি

নিউজ ডেস্ক, ২৬ ফ্ৰেব্ৰুৱাৰীঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। গুৱাহাটীত উপস্থিত হৈয়ে প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰে আৰু পাছত বীৰ লাচিত ফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰপিছতে পুৱা ভাৰতীয় বায়ুসেনাৰ MI-17 হেলিকপ্টাৰযোগে গুৱাহাটীৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী।
তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৯তম সমাবৰ্তন অনুষ্ঠানত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতি গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ ৭১৭ গৰাকী পোষ্ট গ্ৰেজুৱেট, ৩৯৯ গৰাকী আন্দাৰ গ্ৰেজুৱেট, ৬৮ গৰাকী পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা আৰু ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত ১৬ গৰাকী হৈছে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী।