Local, Vocal, Global

নগাঁৱত ৫ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ- গ্ৰেপ্তাৰ দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

নিউজ ডেস্ক, ২৬ ফ্ৰেব্ৰুৱাৰীঃ নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি প্ৰায় ৫ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত চলা অভিযানত চামগুৰি ৰঙাগৰাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰা হয়।
        আৰক্ষীয়ে এই অভিযানত AS-O1EQ587 নম্বৰৰ গাড়ীখন জব্দ কৰে। লগতে আৰক্ষীয়ে ইয়াৰিছ খান আৰু ছৰিচ খান নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ বৱসায়ী দুজনে ইম্ফলৰ পৰা গুৱাহাটীলৈ লৈ গৈ আছিল ড্ৰাগছখিনি।