মন্ত্ৰী অতুল বৰাৰ কনভয়ে প্ৰাণ ল’লে এজন শ্ৰমিকৰ

নিউজ ডেস্ক, ২৬ ফ্ৰেব্ৰুৱাৰীঃ বোকাখাট জে ডি এছ জি মহাবিদ্যালয়ৰ সন্মুখত অঘটন।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ যাত্ৰাকালত সংঘটিত হয় এই ভয়ংকৰ অঘটন। ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰি তাৰপৰা পোনে পোনে কাজিৰঙালৈ যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় দূৰ্ঘটনা। মন্ত্ৰী অতুল বৰাৰ বাহনে মহতিয়াই নিলে কাষত ৰৈ থকা এজন শ্ৰমিকক। ঘটনাস্থলীতে নিহত হয় শ্ৰমিকজন। মৃত শ্ৰমিকজনৰ নাম ভায়া ৰবিদাস বুলি জানিব পৰা গৈছে।