বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা, মাজনিশা ঘোষণা ছেবাৰ…

ডিজিটেল ডেস্ক:-বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত আগতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই ছেবাৰ ঘোষণা।প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে আজি সোমবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছে SEBA ই।
সোমবাৰে অনুষ্ঠিত হ’ব লগা বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত মাজনিশা মোবাইলে মোবাইলে ভাইৰেল হৈ পৰাৰ পিছতে এই ঘোষণা ছেবাৰ।দেওবাৰে নিশা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্নকাকত।এই নিৰ্দেশনাযোগে পৰীক্ষা বাতিলৰ কথা সদৰি কৰিছে ছেবা কৰ্তৃপক্ষই।
এক কথাত ল’ৰা-ছোৱালীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে ছেবা আৰু ৰাজ্য চৰকাৰে ।অৱশ্যে বাতিল হোৱা পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব সেয়া বৰ্তমানলৈকে ছেবা কর্তৃপক্ষই জনোৱা নাই।দেওবাৰে নিশা ১২ বজাত ছেবাই জাননী যোগে সোমবাৰৰ বিজ্ঞান পৰীক্ষা বাতিল কৰা হৈছে বুলি উল্লেখ কৰে।ছেবাই এই সিদ্ধান্ত টুইটাৰ যোগে প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।লগে লগে হাহাকাৰময় পৰিৱেশ সৃষ্টি হয়।

ইপিনে প্ৰশ্নকাকত বাতিল হোৱাৰ পিছতে ৰাজ্যজুৰি সষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।প্ৰশ্নকাকত ফাদিল হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে।আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়- ‘বছৰত এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাৰ অকৰ্মণ্যতাৰ পুনৰ প্ৰতিফলন ৷ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকাৰ পিছতো কেনেকৈ বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হয়? ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰিছে ৷ ফাদিল হোৱা হাতে লিখা প্ৰশ্নকাকতৰ লগত মূল প্ৰশ্নকাকতৰ হুবহু মিল ৷ হুবহু মিল থকা প্ৰশ্নকাকত ছেবাৰ ভিতৰ চ’ৰাৰ পৰাই ফাদিল হৈছে ৷ এনেকুৱা কেলেংকাৰীত ছেবাৰ উচ্চপদস্থ বিষয়া জড়িত হৈ আছে ৷ ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷ মুখ্যমন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰক ৷ এখন প্ৰশ্নকাকতক সুৰক্ষা দিব নোৱাৰা ৰাজ্যৰ ব্যৰ্থ শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে অতিশীঘ্ৰে পদত্যাগ কৰক।

আনহাতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য সহ্য নকৰে বুলি সকীয়নি ছাত্ৰনেতাগৰাকীছাত্ৰ লগতে ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য সহ্য কৰা নহব,সকিয়নী।
ইপিনে প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ হৈছে অসম আৰক্ষী।মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত ঘোষণা। CIDয়ে তদন্ত কৰিব প্ৰশ্নকাকত ফাদিলৰ।গোচৰ ৰুজু কৰাৰো নিৰ্দেশ DGP জি পি সিঙৰ।এক টুইট কৰি জি পি সিঙে লিখিছে- ‘বিষয় – ২০২৩ চনৰ ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এইচ এছ এল চি পৰীক্ষাৰ সাধাৰণ বিজ্ঞান (চি ৩) প্ৰশ্নকাকত ফাদিল হোৱা – এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ তদন্ত চি আই ডি অসমে কৰিব। দোষী আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

’শিক্ষাৰ্থী সকল যাতে দিশহাৰা হৈ নপৰে তাৰ বাবে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অতি সোনকালেই অসম মাধ্যমিক শিক্ষা পৰিষদে বিজ্ঞানৰ পৰীক্ষাৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিব বুলিও জনোৱা হয় ।এতিয়া প্ৰশ্ন হ’ল কেতিয়াই বন্ধ হ’ব শিক্ষাৰ্থী জীৱনক লৈ হেতালি খেলা?এই খন প্ৰশ্ন কাকতে প্ৰকৃত প্ৰশ্ন কাকত হয় নে?