Local, Vocal, Global

সৰুপথাৰত উদযাপন ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হোৱা নাঙল ধোৱা পৰ্ব

63

কৃষিজীৱি অসমীয়া সমাজত বাৰুকৈ চৰ্চিত এটি পৰ্ব হৈছে নাঙল ধোৱা বা খেতি উঠা পৰ্ব| খেতিৰ সামৰণিৰ দিনা অতি উলহ-মালহে পালন কৰে এই পৰ্ব| কিন্তু বৰ্তমান যান্ত্ৰিকতাৰ দিনত ক্ৰমাৎ হেৰাই গৈছে অসমীয়াৰ লোক সংস্কৃতিৰ সম্পদ সমূহ|

সৰুপথাৰৰ সমাজসেৱক জীৱন চুতীয়াই নিজৰ কৃষি কৰ্ম সামৰণিৰ দিনা কৃষিৰ পৰম্পৰা নৱ প্ৰজন্মৰ মাজত চিনাকী কৰাই দিবৰ বাবে ল’লে এক প্ৰশংসনীয় পদক্ষেপ৷ চুবুৰীয়া ৰাইজৰ স’তে চুতীয়াই তেওঁৰ ইকৰানি গাঁৱৰ পথাৰত পালন কৰে নাঙল ধোৱা পৰ্ব|  কোনোবাই হাল বাইছে,কোনোবাই ৰুইছে, কোনোবাই কোৰ মাৰিছে,আকৌ কোনোৱাই মনৰ উচাহত বিহু নাম জুৰি এপাক কঁকাল ঘুৰাই নাচিছে| শেষত হাল-কোৰ বাই সকলো কৃষি সঁজুলি ধুই পখালি ঘৰলৈ লৈ যোৱা হয় আৰু পৰৱৰ্তী বছৰলৈ সযতনে সাচি ৰাখে| ইফালে এই নাঙল ধোৱাৰ সৈতে ভাত পিঠা, কেটলি পিঠা, মুঠীয়া পিঠা আদিৰ আছে সম্বন্ধ| লোকমত অনুসৰি খেতি উঠাত ভাত পিঠা আৰু ধান কাটি সামৰাত কেঁচা পিঠা আপ্যায়ন কৰি পৰম্পৰা ৰক্ষা কৰা হয়|

add3

অসমীয়া সমাজত সাধাৰণতে কৃষি কৰ্মৰ লগত জড়িত,সেয়ে ক্ৰমান্বয়ে হেৰাই যাব ধৰা কৃষিৰ যি পৰম্পৰা সমূহ ধৰি ৰাখি তাক নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াত সমাজ কৰ্মী জীৱন চুতীয়াই যি পদক্ষেপ সকলোৰে বাবে প্ৰসংশনীয়|