Website Design: dastechnologies.in
পুনৰ বানৰ কৱলত বজালীৰ বিস্তীৰ্ণ অঞ্চল। কালদিয়া নৈৰ ভগা মথাউৰিৰে পানী সোমোৱাৰ বাবে জলমগ্ন ৰাজপথ আৰু হাজাৰ-হাজাৰ বিঘা কৃষিভূমি। কুৰিশ্বু বান্ধৰ পানী বৃদ্ধি পোৱাত কালদিয়া নদীৰ ভগা মথাউৰিৰ নিৰ্মিত অংশ ভাগি পুনৰ পানী সোমাই দক্ষিণ প্ৰান্তত বানপানীৰ সৃষ্টি হয়। ৰাজপথ, মানুহৰ ঘৰ আৰু হাজাৰ বিঘা কৃষি ভূমি এতিয়া পানীৰ তলত। কৃষকে সেউজীয়া সপোন দেখি সিঁচা কঠীয়া এতিয়া পানীৰ তলত।
হেলনা, বৰগাণডুবি, নলবাৰী চুপা, হেলনা বড়ো চুপা, মাগুৰি আদি অঞ্চল সকলো পানীৰ তলত। কালদিয়া নৈৰ সমানে চলাইছে পহুমৰা নদীয়ে তাণ্ডৱ। পাঠশালাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ লগতে মুগুৰীয়াকে আদি কৰি বহু অঞ্চলত পানী। আনহাতে কালদিয়া নদীৰ ভগা মথাউৰি পুনৰ নিৰ্মাণৰ কামতো গাফিলতি হোৱা বুলি ৰাইজে এতিয়া আক্ষেপ প্ৰকাশ কৰিছে ।