Sarthebari Protest : দবা-কাঁহ বাজি হ’ব প্ৰতিবাদ, শুনাব দিছপুৰীয়াক

সৰ্থেবাৰী,২৬ছেপ্টেম্বৰ : কাঁহ শিল্প নগৰী সৰ্থেবাৰীৰ বিভিন্ন চৰকাৰী কাৰ্যালয় সমূহ অক্ষত ৰখা আৰু উপজিলা দাবীৰে সৰ্থেবাৰী অঞ্চলৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু সৰ্থেবাৰীৰ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লোকে একত্ৰিত হৈ দাবী জনায়(Sarthebari Protest satradhikar)।
উপজিলা দাবী , মহকুমা কৰ্তন আৰু চৰকাৰী কাৰ্যালয় সমূহ অক্ষত অৱস্থাত ৰাখিবলৈ ঐতিহাসিক কাঁহ শিল্প নগৰী সৰ্থেবাৰীত ধাৰাবাহিক ভাবে হোৱা প্ৰতিবাদৰ আজি ১১দিন ।
অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনসংখ্যা থকা সৰ্থেবাৰী ৰাইজক প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰ্থেবাৰীৰ পবিত্ৰ জয় জগন্নাথ মহাপ্রভুৰ পুণ্যভূমিত সৰ্থেবাৰী অঞ্চলৰ সত্ৰৰ সত্ৰাধিকাৰ মিলিত হৈ চৰকাৰক দাবী উত্থাপন কৰে(Sarthebari Protest)।
সৰ্থেবাৰী উপ জিলা গঠন আৰু সৰ্থেবাৰী অঞ্চলত থকা চৰকাৰী কাৰ্যালয় সমূহ অক্ষত অৱস্থাত বাহাল ৰখাৰ দাবীত আজি সৰ্থেবাৰীত বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগত সৰ্থেবাৰীত আয়োজন কৰা হয় এক প্ৰতিবাদী সভাৰ।
লগতে সত্ৰৰ সত্ৰাধিকাৰ সকলে সততে খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰখনক খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনায়।
লগতে পঢ়ক :Food poisoning case : পাঠশালাত প্ৰসাদত বিষক্ৰিয়া, অসুস্থ ৪০ জনৰো অধিক লোক