Food poisoning case : পাঠশালাত প্ৰসাদত বিষক্ৰিয়া, অসুস্থ ৪০ জনৰো অধিক লোক
বজালী,২৬ছেপ্টেম্বৰ : পাঠশালাত সংঘটিত হৈছে এক অঘটন ৷ পাঠশালাৰ ৰূপনগৰত নামঘৰৰ মাহ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে ৪০ জনৰো অধিক লোক ৷ শনিবাৰে ৰূপনগৰ নামঘৰত প্ৰসাদ গ্ৰহণৰ পিছতেই দেওবাৰৰ নিশাৰ পৰা ইজনৰ পিছত আনজন খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছে(Food poisoning case) ৷
জানিব পৰা মতে, শনিবাৰে নিশা পাঠশালাৰ ৰূপনগৰত নামঘৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চুবুৰীৰ ৰাইজে শৰাই আগবঢ়াইছিল । নাম সামৰণিৰ মাহ-প্ৰসাদ খোৱাৰ পিছতে দেওবাৰৰ পৰা অসুস্থ হৈ পৰে বহু কেইজন লোক(Food poisoning at Pathshala) ৷
দেওবাৰৰ নিশাৰে পৰা শৌচ, বমি, পেটৰ বিষত আক্ৰান্ত হয় লোকসকল ৷ খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত আটাইকেইজন লোকেই গ্ৰহণ কৰিছিল নামৰ প্ৰসাদ ৷ সেয়ে নাম সামৰণিৰ প্ৰসাদ গ্ৰহণ কৰাৰ পৰাই আটাইকেইজন লোক অসুস্থ হোৱা বুলি প্ৰায় নিশ্চিত হৈছে । তথ্য অনুসৰি, সম্প্ৰতি অসুস্থ কেইবাজনো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও কেবাজনো ব্যক্তি নিজ গৃহতে চিকিৎসাধীন হৈ আছে ৷
উল্লেখ্য যে, পাঠশালাৰ দৈনিক বজাৰৰ পৰা বুটমাহ ক্ৰয় কৰি আনিছিল ৰূপনগৰ নামঘৰৰ শৰাইৰ বাবে ।
লগতে পঢ়ক :Manipur violence: ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনাৰ